/asomiyapratidin/media/media_files/2025/09/11/314-2025-09-11-19-16-17.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু তৰাডুবি শাখা সাহিত্য সভাৰ সহযোগত তৰাডুবি ক্ৰীড়া ৰঙ্গমঞ্চত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানটি সোমবাৰৰ দিনা অতি উলহ- মালহেৰে উদযাপন কৰা হয়। পুৱা ৮-০০ বজাত অতিৰিক্ত আয়ুক্ত প্ৰদীপ গুপ্তাদেৱৰ দ্বাৰা মূল তোৰণ উন্মোচন কৰা হয়।
১০-০০ বজাত শিল্পী, সাহিত্যিক, সমাজসেৱক আমন্ত্ৰিত অতিথি, তেৰখন শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু ছাত্ৰ - ছাত্ৰীৰ উপস্থিতিত জিলা সাহিত্য সভাৰ সভাপতি বিষ্ণু নিৰোলাই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। ১০-৩০ বজাত তৰাডুবি শাখা সাহিত্য সভাৰ সভাপতি জেমছ তিমুঙে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ।
লগতে বিশিষ্ট ব্যক্তি চাৰ্চিল কাঠাৰৰ দ্বাৰা মূলবন্তি তথা এশ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্ৱাৰা এশগছি বন্তি প্ৰজ্বলন কৰা হয় । পুৱা ১১:৩০ বজাত গণ শিল্পী চাৰ্থে ৰংপীয়ে যুটীয়াভাৱে অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত আৰু ভূপেন্দ্ৰ সংগীতত নৃত্য প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে ।
জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ছাত্ৰ - ছাত্ৰীয়ে দুয়োটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । দুয়োটা প্ৰতিযোগিতাৰ পৰিচালনা কৰে ভাগ্যদেৱী বে'পী আৰু কুমুদ নাথে। নিৰীক্ষক হিচাপে থাকে মিনাৰাম বৰা, ঝৰ্ণা বিশ্বাস, নিপেন পাটৰ আৰু কল্পনা দেৱী।
ইয়াৰ পিছত দুপৰীয়া ২:৩০ বজাৰ পৰা জিলা সাহিত্য সভাৰ সভাপতিৰ সভাপতিত্বত আৰম্ভ হয় মুকলি সভা। অনুষ্ঠানত বিষ্ণু নিৰোলাই ভূপেন হাজৰিকাৰ সোঁৱৰণত ৰচনা কৰা এটি সমবেত সংগীত মুকলি কৰে নেপালৰ পৰা আমন্ত্ৰিত অতিথি গংঙ্গা গৌতমৰ দ্বাৰা।
লগতে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব বাপন ক্ৰ'ৰ সম্পাদনাৰে ভূপেন হাজৰিকাৰ বিষযে লিখা বিশেষ এখনি গ্ৰন্থ "ইপাক জিছ' কিলিৰ" উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰে অনুষ্ঠানৰ মুখ্য অতিথি তথা অসম সাহিত্য সভাৰ ৰাজ্যভাষা মাতৃভাষাৰ প্ৰয়োগ উপ সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰীয়ে। লগতে জেমছ তিমুঙৰ দ্বাৰা সংকলিত 'সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ এশটি কালজয়ী গীত গ্ৰন্থখন উন্মোচন কৰে প্ৰাক্তন প্ৰধান শিক্ষক অজয় বড়োই ।
জিলাৰ সম্পাদিকা নিৰলা ইংহিপীৰ ' বুকুৱে বিচৰা জনলৈ বাট চাই' কাব্য সংকলন এখনিও উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে নিৰ্দিষ্ট বক্তা, ৰাজ্যভাষা মাতৃভাষাৰ প্ৰয়োগ উপ সমিতিৰ উপ সভাপতি কমল কলিতাই ।
জিলাখনৰ বিশিষ্ট ব্যক্তি আৰু হোজাই, গুৱাহাটী আৰু সদৌ নেপালৰ পৰা আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত তৰাডুবি, টুম্প্ৰেঙৰ সমবেত ৰাইজৰ উপস্থিতিত মহান শিল্পী গৰাকীৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানটি অতি জাক জমকতাৰে অনুষ্ঠিত কৰা হয়।