ডিজিটেল ডেস্ক : ৰাজ্যৰ আগশাৰীৰ দৈনিক বাতৰিকাকত অসমীয়া প্ৰতিদিনৰ বামুনিমৈদামৰ চপাশালত সীমিত কাৰ্যসুচীৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ মূল পূজা অনুষ্ঠিত কৰা হয় ।
ইপিনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত দৈনিক বাতৰি কাকতৰ যাত্ৰাৰ বাটকটীয়া" অসমীয়া প্ৰতিদিন"ৰ উত্তৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত বিশ্ব খনিকৰৰ পূজা অনুষ্ঠিত হয় ৷ কভিড প্ৰটকল বিধি মানি এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় এই পূজা ৷
২০০৩ চনৰ পৰা কাৰ্যালয়টোত হোম যজ্ঞৰে ,আধ্যাত্মিক কাৰ্যসুচীৰ যোগেদি বিশ্ব কৰ্মা পূজা উলহ মালহৰে আয়োজন কৰা হৈছিল ৷ এইবাৰ ক'ৰোনা মহামাৰীৰ বাবে কেৱল ৰীতিহে পালন কৰা হৈছে৷
ইপিনে অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় আৰু বঙাইগাওঁৰ সংস্কৰনৰ কাৰ্যালয়ত কোভিড প্ৰট'কল মানি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ।
গুৱাহাটীৰ উলুবাৰীস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়তো সকলো নীতি নিয়ম মানি বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় ।