/asomiyapratidin/media/media_files/2026/01/31/33-2026-01-31-19-34-53.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : শনিবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত শিল্পী সুৰক্ষা সমাজ, অসম, বৰিহাট মাহিলী বৈঠকী, সন্মিলিত গণ সাংস্কৃতিক মঞ্চ, অসম, ডেকা বন্ধু, শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজ, নাগৰিক অধিকাৰ সমাজ, অসমৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ১১৮ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অবনী কুমাৰ দাসে। ইয়াৰ পিছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লেখক ড০ সূৰ্য দাসে।
ইয়াৰ পিছত জন্ম দিৱসৰ অনুষ্ঠানৰ তাৎপৰ্য তথা আদৰণি ভাষণ প্ৰদান কৰে যথাক্ৰমে পংকজ কুমাৰ দাস, মুকুল দত্তই। উদ্যোক্তাদ্বয়ে বক্তব্যত কয় যে ৰজাঘৰীয়াহতে আজি অসমৰ চৌদিশে সাম্প্ৰদায়িক হিংসা, ঘৃণা, বিভাজনৰ বিষবাষ্প বিয়পাই অসমৰ সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখন বিষাক্ত কৰি তুলিছে। আজিৰ এই পৰিস্থিতি জ্যোতি-বিষ্ণু, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ চিন্তা-আদৰ্শৰ পৰিপন্থী, এই মহান শিল্পীসকলে বিচাৰিছিল মহান সম্প্ৰীতি, সমতাৰে উজ্জীৱিত এখন ঐক্যবদ্ধ বৰ অসমৰ।
আজি ৰজাঘৰীয়াহতে এই সপোন দিঠকত পৰিণত কৰাৰ যাত্ৰা পথত প্ৰচণ্ড হেঙাৰ হৈ থিয় দিছে। সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম দিৱসৰ মহান দিনটোত অসমপ্ৰেমী গণতান্ত্ৰিক সাংস্কৃতিক কৰ্মী সকলে দুস্কৃতিৰ আন্ধাৰৰ বিৰুদ্ধে নিৰলস যুজি সংস্কৃতিৰ পোহৰৰ ধল নমোৱাৰ সংকল্প গ্ৰহণ কৰিব লাগিব।
বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ গীত পৰিৱেশন
ইয়াৰ পিছত বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ গীত, কবিতা পৰিবেশন কৰে বৰিহাট মাহিলী বৈঠকীৰ আনন্দ দাস, ধ্ৰুৱজ্যোতি দাস, উমেশ শৰ্মা, কল্প কলিতা, তীৰ্থ দাস, কল্প কলিতা, আৰোহণ অধ্যয়ন চক্ৰৰ জেহিৰুল ইছলাম, বিশ্বজিৎ, প্ৰণীতা কলিতা, বিশ্বজিৎ কলিতা, জয়ন্ত দাস, বিকাশ ঠাকুৰীয়া, ভিতালী দাস, পূজা বড়ো, জোনাক নিবিড়, গীতাঞ্জলি সোনোৱাল, জ্যোৎস্না চেতিয়া ফুকন, বৰ্ণালি নেওগ, শ্বামছ কাবিদ, জিতুমণি দাস, বন্দিতা কাশ্যপ, প্ৰীতিৰেখা, চুমি শৰ্মা, শ্বামছ কুবিদ, জিতুমণি দাস, চান মহম্মদ, খোকন বৰ্মন, লচমী ৰায়, ৰশ্মি টুমুং আদিয়ে গীত আৰু কবিতা পৰিবেশন কৰে।
অনুষ্ঠানত ডিমৰীয়া অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী স্বপন মণ্ডল, বিশিষ্ট লেখক নৃপেন্দ্ৰ কুমাৰ বৰুৱা, নাগৰিক অধিকাৰ সমাজ, অসমৰ দিবাকৰ গোস্বামী, তিলক মহন, শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ গায়ত্ৰী বড়ি আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
ইয়াৰ পিছত অন্যতম উদ্যোক্তা মুকুট লোচন শৰ্মাই প্ৰস্তাৱ সমূহ দাঙি ধৰি কয়-
১) আজিৰ অনুষ্ঠানে ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত ৰাজ্যখনৰ চৌদিশে বিয়পাই দিয়া সাম্প্ৰদায়িক হিংসা, ঘৃণা, বিভাজনৰ বিষবাষ্পজনিত পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এনে পৰিস্থিতি গণশিল্পী জ্যোতি-বিষ্ণু, ভূপেন হাজৰিকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিন্তা আদৰ্শ তথা সপোনৰ ঐক্যবদ্ধ বৰ অসমৰ পৰিপন্থী। ইয়াৰ বিৰুদ্ধে যুজি এখন সম্প্ৰীতি, সমতাৰ অসম গঢ়ি তোলাৰ মহান শিল্পী সকলৰ যাত্ৰাক আগুৱাই নিবলৈ আহ্বান জনায়।
২) আজিৰ অনুষ্ঠানে অসমৰ খিলঞ্জীয়া, ভূমিপুত্ৰ, জনজাতি ৰাইজৰ হাজাৰ হাজাৰ বিঘা ভূমি বহিৰাগত বনিয়া গোষ্ঠী আদানি, আম্বানী, ৰামদেৱ, ৰজাঘৰীয়া গ্ৰাস কৰা কাৰ্যৰ প্ৰতিবাদ জনায়। জ্যোতিপ্ৰসাদ , বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি মহান শিল্পী সকলে অসমীয়া জাতিৰ হৃদস্পন্দন হালোৱা হজুৱা কৃষক বনুৱা ৰাইজৰ পথাৰ, ভূমি, বজাৰৰ অধিকাৰৰ হকে ৰাজনৈতিক সাংস্কৃতিক আন্দোলনত অৱতীৰ্ণ হৈছিল। অনুষ্ঠানে মত প্ৰকাশ কৰে যে হালোৱা হজুৱা কৃষক বনুৱা ৰাইজৰ ভূমি তথা জীৱন জীৱিকাৰ অধিকাৰ বচাব নোৱাৰিলে অসমীয়া সংস্কৃতিও বচাব পৰা নাযাব। দুস্কৃতি ৰূপী বৃহৎ বনিয়া গোষ্ঠী, ৰজাঘৰীয়া হতৰ ভূমি গ্ৰাস, গণতান্ত্ৰিক অধিকাৰ, স্বাধীনতা হৰণৰ বিৰুদ্ধে সাংস্কৃতিক কৰ্মী সকলক ৰাইজৰ কাষত থিয় দিবলৈ আহ্বান জনায়।
৩) আজিৰ অনুষ্ঠানে দৃঢ় মত প্ৰকাশ কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাৰ উচিত তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ ষড়যন্ত্ৰ সহ্য কৰা নহ'ব আৰু এই হত্যাকাণ্ডৰ সৈতে জড়িত সকলো দোষীয়ে কঠোৰতম শাস্তি পাব লাগিব। সম্প্ৰতি লক্ষ্য কৰা হৈছে জুবিন গাৰ্গৰ মহান মানৱিক , প্ৰতিবাদী সাংস্কৃতিক সত্তাক মচি পেলাবলৈ ন্যষ্ঠ স্বাৰ্থ জড়িত মহল সক্ৰিয় হৈ পৰিছে আৰু ন্যায় প্ৰক্ৰিয়া বাধাগ্ৰস্ত কৰাৰ চেষ্টা চলাইছে। অনুষ্ঠানে এই ঘটনাৰ বিৰুদ্ধে প্ৰাণৰ শিল্পী গৰাকীৰ ন্যায়ৰ দাবীত অসমবাসী ৰাইজক ঐক্যবদ্ধভাৱে প্ৰতিবাদ মুখৰ হ'বলৈ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us