দীঘলপানীত লৌহমানৱ ছহিদ বিহুৰাম বড়োৰ মৃত্যু দিৱস উদযাপন

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ অকেৰেং দীঘলপানীত দৈমা দৈছা শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে লৌহমানৱ ছহিদ বিহুৰাম বড়োৰ মৃত্যু দিৱস উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
443

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ অকেৰেং দীঘলপানীত দৈমা দৈছা শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে লৌহমানৱ ছহিদ বিহুৰাম বড়োৰ মৃত্যু দিৱস উদযাপন কৰা হয় । এই উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয় ।

সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উপ - সভাপতি শিৱ প্ৰসাদ খাখলাৰীয়ে । সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৰুকাছেন কলেজৰ সহকাৰী অধ্যাপক ড° প্ৰসেনজিৎ মোছাহাৰীয়ে ।

সভাত সাহিত্য অকাডেমি বঁটা প্ৰাপকদ্বয় ক্ৰমে ড° প্ৰেমানন্দ মোছাহাৰী আৰু ঋতুৰাজ বসুমতাৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ - সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, মগেশ নাৰ্জা বড়ো, কৃষ্ণ মোহন বসুমতাৰী, গোপেশ বসুমতাৰী, ছনিয়া বাগলাৰী আদি সাহিত্যৰ সৈতে জড়িত বহু বিশিষ্ট লোক উপস্থিত থাকে । এই সভাতেই বিশিষ্ট কবি তথা শিক্ষক নিৰ্মল বসুমতাৰীৰ প্ৰথম আৰু একমাত্ৰ  'আং নোংনি জেবোআনো  নঙা'(মই তোমাৰ একোৱেই নহও) শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মোছাহাৰীয়ে ।

ছহিদ দিৱস