ঢকুৱাখনাত চ্যুকাফা দিৱস-২০২৫ উদযাপন

তাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰ, অসমৰ উদ্যোগত আৰু ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সহযোগত মঙলবাৰে ৭৯৭ সংখ্যক অসম (চ্যুকাফা) দিৱস অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
385

ডিজিটেল সংবাদ, ঢকুৱাখনা : তাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰ, অসমৰ উদ্যোগত আৰু ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সহযোগত মঙলবাৰে ৭৯৭ সংখ্যক অসম (চ্যুকাফা) দিৱস অনুষ্ঠিত কৰা হয় । বিকাশ কেন্দ্ৰৰ স্থায়ী কাৰ্য্যালয়ৰ প্ৰাঙ্গনত সামূহিক চাফাইৰ পাছতে বিনখ্ৰিনফা উত্তোলন কৰে তাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰ অসমৰ সভাপতি চাও জিতেন গগৈয়ে ।

ইয়াৰ পাছতে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন আৰু শ্ৰদ্ধাৰ্ঘ তৰ্পণ  কৰে তাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰ উপ সভাপতি মানচাও দীপক চমুৱা আৰু ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি চাও ডেভিদ চাংমাইয়ে । দুপৰীয়া মৈদাম তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে তাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰ, অসমৰ উপ সভাপতি চাও হিতেশ ফুকন, ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি, চাও অম্লানদীপ কোঁৱৰে ।

WhatsApp Image 2025-12-02 at 4.47.46 PM

বিয়লি স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ অতুল্য অৱদানৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনা সভাৰ উদ্বোধন কৰে গৱেষণা কেন্দ্ৰৰ উপদেষ্টা  চাও বীৰেন সন্দিকৈয়ে । প্ৰবীণ শিক্ষাবিদ , গৱেষণা কেন্দ্ৰৰ উপদেষ্টা ড৹ গিৰিণ গগৈয়ে বৰ অসমৰ ভেঁটি নিৰ্মাতা চাওলুং ছ্যুকাফাৰ বৃহত্তৰ অসমীয়া জাতি গঠনত বৰেণ্য অৱদান সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় ।

বৃহত্তৰ ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক জ্ঞাতিবৰ্গ উপস্থিত থকা দিৱসত তাই আহোম উন্নয়ন পৰিষদ' অসমৰ
কাৰ্যনিৰ্বাহক সদস্য চাও অৰূপ (সঞ্জীৱ) গগৈ, ঢকুৱাখনাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদৰ অধ্যক্ষ চাও হেমন্ত গগৈ ,
তাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰ, অসমৰ উপদেষ্টা চাও প্ৰদীপ চমুৱা , বিশিষ্ট নাগৰিক লীলা চমুৱা ,  বিদ্যাৱতী শইকীয়া চমুৱা , নীলিমা চাংমাই ,চেনিৰাম বৰপাত্ৰ গোহাঁই, দেবেন গগৈ ,চন্দ্ৰ গগৈ,  জীৱন গোঁহাই ,ইন্দিৰা গগৈ , গন্ধেশ্বৰ গগৈ , বিজয় বৰুৱা ,চেনিৰাম গগৈ , প্ৰণৱ বৰপাত্ৰ গোঁহাই , দিলীপ কোঁৱৰ, বনশ্যাম গগৈ আদি বহু সংখ্যক বিষয়ববীয়া আৰু জ্ঞাতি ৰাইজ উপস্থিত থাকে ।

সন্ধিয়ালৈ চাও ছেন ৰেনত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰা হয় । গৱেষণা কেন্দ্ৰৰ সম্পাদক চাও অৰুণ চমুৱা আৰু তাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক চাও ৰঞ্জন সন্দিকৈয়ে শুভাৰম্ভ কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে দিৱসৰ সফল পৰিসমাপ্তি কৰা হয় ।

চ্যুকাফা দিৱস