বৰক'লা কেন্দ্ৰীয় গুৰুদ্বাৰত ৪২১ সংখ্যক প্ৰকাশ দিৱস উদযাপন

নগাঁও জিলাৰ কলং আৰু হাৰিয়াপাৰৰ অসমীয়া শিখৰ বসতি প্ৰধান বৰক'লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত দেওবাৰে শ্ৰী শ্ৰী গুৰু গ্ৰন্থ চাহেবজীৰ ৪২১ সংখ্যক প্ৰথম প্ৰকাশ দিৱস উদযাপিত হয় ।

author-image
Asomiya Pratidin
New Update
171

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ কলং আৰু হাৰিয়াপাৰৰ অসমীয়া শিখৰ বসতি প্ৰধান বৰক'লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত দেওবাৰে শ্ৰী শ্ৰী গুৰু গ্ৰন্থ চাহেবজীৰ ৪২১ সংখ্যক প্ৰথম প্ৰকাশ দিৱস উদযাপিত হয় । উক্ত প্ৰকাশ দিৱসৰ লগত সংগতি ৰাখি বৰক'লা নিবাসী তথা শিশু সাহিত্যিক উত্তম সিঙৰ হাৰিয়া পাৰৰ সেউজ সাহিত্য 'পাগুৰি' গ্ৰন্থখন উন্মোচন কৰে বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙে।

Advertisment

WhatsApp Image 2025-08-24 at 5.49.19 PM

সমাজকৰ্মী ৰঞ্জু সিঙে আঁত ধৰা অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদ গুৰুমুখ সিঙে কয় যে, অসমীয়া শিখসকল সৰ্বভাৰতীয় শিখসকলৰ এক অনন্য ৰূপ। পাগুৰি গ্ৰন্থখনৰ পৰা শিখসকলৰ বিষয়ে বহু কথা জানিব পৰা যাব।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি লেখক, সাংবাদিক দেৱজিৎ হাজৰিকাই কয়- ' অসমীয়া শিখসকলে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণৰে অসমৰ সমাজ জীৱনলৈ যি অৱদান আগবঢ়াইছে সেইয়া অনন্য। স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ হকে প্ৰাণাহুতি দিয়া ভগৎ সিঙৰ পৰা ধৰি অসমৰ অস্তিত্ব আন্দোলনৰ শ্বহীদ চন্দন সিঙলৈকে শিখসকলৰ দেশৰ প্ৰতি অৱদান অনন্য।' 

WhatsApp Image 2025-08-24 at 5.49.02 PM

অনুষ্ঠানত বৰক'লা কেন্দ্ৰীয় গুৰুদ্বাৰৰ সম্পাদক প্ৰতাপ সিঙে প্ৰকাশ দিৱসৰ সম্পৰ্কত বিস্তৃত বাখ্যা দাঙি ধৰে। উল্লেখ্য যে  গুৰুদ্বাৰ প্ৰাংগণত জ্ঞানী হৰভজন সিং,জ্ঞানী জচবীৰ সিং,চৰ্দাৰ জীৱন সিং,জেঠাদাৰ অমৰ সিং,বিবি নৰীন্দ্ৰ পাল কৌৰ,আনন্দ কৌৰ,জচী কৌৰকে কেইবাগৰাকীও লোকে ধৰি শিখ ধৰ্মীয় সৱদ কীৰ্ত্তন আৰু শিখ ধৰ্মীয় গীত পৰিবেশনৰে অনুষ্ঠানটো জীপাল কৰি তোলে ।

পুৱাৰে পৰা উদুলি -মুদুলি হৈ থকা কেন্দ্ৰীয় গুৰুদ্বাৰৰ অনুষ্ঠানটোত শিক্ষাবিদ ৰতন সিং, শিশু সাহিত্যিক উত্তম সিং,শ্ৰৱণ সিং,কৰ্নেল সিং,স্বৰূপ সিং,মনদীপ সিং,জিৎ সিং,ইকবাল সিং,হৰদীপ সিং,বলদেৱ সিং,অৱতাৰ সিং,তেজা সিং,ভজন সিং,মনমোহন সিং আৰু ডাঃ থ্ৰিনাৰায়ণ সিঙকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানতে বৰক'লালৈ শিক্ষা-সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰত গৌৰৱ কঢ়িয়াই অনা কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

বেবেজীয়া নগাঁও