/asomiyapratidin/media/media_files/2025/11/19/264-2025-11-19-08-30-53.jpg)
ডিজিটেল সংবাদ শিলচৰ : মঙ্গলবাৰে ৰাজ্যজুৰি পালন কৰা হ'ল জুবিন বিহীন জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন। সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো জুবিন গাৰ্গৰ জন্মদিন ব্যতিক্ৰমী ৰূপত পালন কৰা হয়। শিলচৰ ডি এছ এ তথা এছ এম দেৱ ষ্টেডিয়ামত বিভিন্ন স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী তথা বৰাকৰ তিনিওখন জিলাৰ অসংখ্য শিল্পী,অসম সাহিত্য সভাৰ কাছাৰ জিলা, শিলচৰ শাখা আৰু বিভিন্ন সংগঠনৰ প্ৰায় দহ সহস্ৰাধিক লোকে একেলগে জুবিন গাৰ্গৰ জনপ্ৰিয় মায়াবিনী গীতটো অসমীয়া আৰু বঙালী ভাষাত পৰিবেশন কৰে।
“কালচাৰেল ফেটাৰনিটি অব বৰাক ভেলি” নামৰ সংগঠনটোৱে আয়োজন কৰা জুবিন গাৰ্গৰ জন্মদিনৰ কেক কাটে শৈশৱকালত জুবিন গাৰ্গক পঢ়োৱা শ্ৰীভূমিৰ প্ৰিয় শিক্ষয়িত্ৰী “মিঠু মিছ” ওৰফে ৰত্না আদিত্যই। জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে ৫৩ টি আকাশ বন্তি জ্বলাই আকাশত উৰুৱা হয়।
এই অনুষ্ঠানত ভাৰতকণ্ঠ দেৱজিৎ সাহা আৰু মৈথিলী সোমেও অংশগ্ৰহণ কৰে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই দেৱজিৎ সাহাই কেইবাটাও জুবিন গাৰ্গৰ জনপ্ৰিয় গীত পৰিবেশন কৰে।
কাজলগাঁৱতো জুবিন গাৰ্গৰ ওপজা দিন উদযাপনঃ
সমগ্ৰ ৰাজ্যৰ লগতে কাজলগাঁৱতো চিৰাং জিলা বিজেপিৰ উদ্যোগত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষ্যে স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জিলা পেৰেড গ্ৰাউণ্ডত আয়োজিত স্বেচ্ছামূলক ৰক্তদান শিবিৰ উদ্বোধন কৰাৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা আয়ুক্ত যতীন বৰা, জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ে।
ৰক্তদান শিবিৰ উদ্বোধন কৰি বিধায়ক অজয় ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে জনতাৰ শিল্পী জুবিন গাৰ্গ আজি কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেঁও ভালপোৱা সামাজিক কামবোৰ কৰি তেখেতক আদৰ্শক সমাজত সজীৱ কৰি ৰখাৰ লক্ষ্যৰেই এই ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে আৰু তেখেতৰ এই জন্মদিনৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা ৰক্তদান শিবিৰত আমাৰ যুৱপ্ৰজন্মৰ যথেষ্ট সঁহাৰি দেখিবলৈ পোৱা গৈছে।
ৰক্তদান শিবিৰত চিৰাং জিলা আয়ুক্ত যতীন বৰাৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ৰাজীৱ কুমাৰ দাস সহ স্বাস্থ্য বিভাগৰ পৰা অহা চিকিৎসক, স্বাস্থ্যকৰ্মী, সকল উপস্থিত থাকে । আজিৰ ৰক্তদান শিবিৰৰ উপস্থিত থাকি সকলো দিশ চোৱাচিতা কৰে চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায় আৰু কৰ্মকৰ্তাসকলে।
ইপিনে প্ৰায় একে সময়তে কাজলগাঁও স্থিত জিলা ইউপিপিএলৰ কাৰ্য্যালয়ত কেক কাটি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন পালন কৰে। জন্মদিনৰ কেক কটাৰ পূৰ্বে ইউপিপিএল দলৰ কেন্দ্ৰীয় সম্পাদক মাধৱ ছেত্ৰীয়ে কয় জুবিন গাৰ্গ মৃত্যুৰ ৰহস্যৰ ন্যায় বিচাৰি দলীয় ভাৱে আমি দাবী উত্থাপন কৰি আহিছো আৰু আগলৈ কৰি যাম। তেখেত আজি আমাৰ মাজত নাই কিন্তু আমি ইউপিপিএল দলৰ পৰা বিভিন্ন ঠাইত তেখেতৰ জন্মদিৱস উদযাপন কৰি অতি শ্ৰদ্ধাৰ সৈতে তেখেতক স্মৰণ কৰা হৈছে ।
কাজলগাঁৱৰ ইউপিপিএল দলৰ পৰা আয়োজন কৰা জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনৰ কাৰ্য্যসূচীত উপস্থিত থাকে কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, চিদলী সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন পাৰিষদ মাধৱ ছেত্ৰী, সহ জিলা, ব্লক আৰু শাখা সমিতিৰ দলীয় কৰ্মকৰ্তাসকল। আটায়ে মায়াবিনী গীতটি সমূহীয়াকৈ পৰিৱেশ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us