অসম গণ পৰিষদৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিন উদযাপন

অসম গণ পৰিষদ (অগপ)ৰ টিহু বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জয়ন্তী উপলক্ষ্যে ‘জাতীয় স্বাভিমান দিৱস’ পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
259

ডিজিটেল সংবাদ, নলবাৰী : অসম গণ পৰিষদ (অগপ)ৰ টিহু বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জয়ন্তী উপলক্ষ্যে ‘জাতীয় স্বাভিমান দিৱস’ পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি  টিহু সমষ্টিৰ নমাটিৰ কদমতল চ’কত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অনুষ্ঠানত সমৱেত সকলোৱে বিশ্বশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰি অনুষ্ঠানৰ  শুভাৰম্ভ কৰে। ইয়াৰ পাচতে অঞ্চলটোৰ বিভিন্ন ঠাইত নাহৰ আৰু অন্যান্য গছৰ পুলি ৰোপণ কৰা হয়।

অসম গণ পৰিষদৰ টিহু সমষ্টি সমিতিৰ সম্পাদক ভৱেশ কলিতা আৰু অৱনী বৰ্মনে আঁত ধৰি এই  অনুষ্ঠান পৰিচালনা কৰে। ইয়াৰ পাচতে টিহু বিধান সভা সমষ্টি সমিতিৰ সভাপতি অমিয় দাসৰ পৌৰোহিত্যত হোৱা মুকলি সভাত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা আৰু লেখক ৰজতজ্যোতি মজুমদাৰক ‘স্বাভিমান দিৱস’ৰ সৈতে সংগতি ৰাখি ‘প্ৰকৃতি আৰু কিতাপৰ বন্ধু’ কাৰ্যসূচী ৰূপায়ণেৰে সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধিত দুয়োগৰাকী সাহিত্যসেৱকে প্ৰাসংগিক ভাষণ প্ৰদান কৰে। সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কেশৱ ডেকা, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য কৰ্মশ্ৰী বাণী কলিতা, নলবাৰী জিলা সমিতিৰ উপ সভাপতি প্ৰদীপ শৰ্মা, দলটোৰ জ্যেষ্ঠ নেতা শংকৰ কুমাৰ দাস, টিহু পৌৰসভাৰ উপ পৌৰপতি ডঃ সুৰজিৎ বৰ্মন, টিহু নগৰ সমিতিৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কলিতা, হেমকান্ত ঠাকুৰীয়া, সমষ্টি সমিতিৰ প্ৰাক্তন সভাপতি মাধৱ শৰ্মা প্ৰমুখ্যে দলটোৰ ভালেকেইগৰাকী নেতাই ভাষণ প্ৰদান কৰে।

নলবাৰীৰ নিউক্লিয়াছ একাডেমিৰ অধ্যক্ষ তথা সঞ্চালক ধ্ৰুৱজ্যোতি তালুকদাৰে নিৰ্দিষ্ট বক্তা হিচাপে অংশ লয়। জুবিন গাৰ্গৰ বিখ্যাত ‘মায়াবিনী ...’ শীৰ্ষক সমৱেত গীতেৰে অনুষ্ঠান সামৰা হয়। সন্ধিয়া অঞ্চলটোত বন্তি জ্বলোৱা হয়।

অসম গণ পৰিষদ