বৰমাত জুবিন গাৰ্গৰ জন্মদিন উদযাপন

বৰমা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত মঙলবাৰে বৰমাৰ মাজমজিয়াৰ 'আণ্ডাৰ পাছ'ত হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
252

ডিজিটেল সংবাদ, বৰমা : বৰমা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত মঙলবাৰে বৰমাৰ মাজমজিয়াৰ 'আণ্ডাৰ পাছ'ত হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মদন চন্দ্ৰ  কলিতাই ।

WhatsApp Image 2025-11-18 at 4.51.11 PM

ইয়াৰ পিছতে মাল্যাৰ্পন কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভাৰত চন্দ্ৰ তালুকদাৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে শিক্ষাবিদ ড° ফণীধৰ তালুকদাৰে ।

বন্তি প্ৰজ্বলন কৰে ক্ৰমে সমাজকৰ্মী অজয় দাস , সাংবাদিক দিলীপ কুমাৰ হালৈ, সমাজকৰ্মী ফুকন কলিতা , বৰমা আঞ্চলিক মহিলা সমিতিৰ সম্পাদিকা ফুলকন কলিতা, উপদেষ্টা স্নেহলতা হালৈ, মিনতী শৰ্মা আদিয়ে । উক্ত অনুষ্ঠানৰ আঁত ধৰে অনামিকা তালুকদাৰ আৰু  বন্দনা দাসে। জন্মদিনৰ অনুষ্ঠানত বৰমা অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি আৰু মহিলা সমিতিৰ সদস্যাসকল উপস্থিত থাকে।

জুবিন গাৰ্গ