চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ এটা বিষয়ৰ পৰীক্ষা স্থগিত কৰি নতুন দিন ঘোষণা...

চি বি এছ ইৰ অন্তৰ্গত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী পূৰ্বে ঘোষণা কৰিছিল যদিও সম্প্ৰতি দুয়োটা শ্ৰেণীৰ এম আই এল বিষয়ৰ পৰীক্ষাৰ সময়সূচী স্থগিত কৰি নতুন দিন ধাৰ্য কৰা হৈছে। শিক্ষা সংস্থাটোৱে জনোৱা অনুসৰি প্ৰশাসনিক কাৰণৰ বাবেই পৰীক্ষাৰ নতুন সূচী নিৰ্ধাৰণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
558

ডিজিটেল ডেস্ক : চি বি এছ ইৰ অন্তৰ্গত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী পূৰ্বে ঘোষণা কৰিছিল যদিও সম্প্ৰতি দুয়োটা শ্ৰেণীৰ এম আই এল বিষয়ৰ পৰীক্ষাৰ সময়সূচী স্থগিত কৰি নতুন দিন ধাৰ্য কৰা হৈছে। শিক্ষা সংস্থাটোৱে জনোৱা অনুসৰি প্ৰশাসনিক কাৰণৰ বাবেই পৰীক্ষাৰ নতুন সূচী নিৰ্ধাৰণ কৰা হৈছে।

 উল্লেখযোগ্য যে, পূৰ্বে ঘোষণা কৰা অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ এম আই এল বিষয়ৰ পৰীক্ষা ৩ মাৰ্চত অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু এতিয়া ৩মাৰ্চৰ বিপৰীতে দুয়োটা শ্ৰেণীৰে পৰীক্ষা পৃথক পৃথক দিনত অনুষ্ঠিত হ’ব। 

নতুন সূচী অনুসৰি দশম শ্ৰেণীৰ পৰীক্ষা ৩ মাৰ্চৰ পৰিৱৰ্তে ১১ মাৰ্চত অনুষ্ঠিত হ’ব। একেদৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৩ মাৰ্চৰ পৰিৱৰ্তে ১০ এপ্ৰিলত অনুষ্ঠিত হ’ব এম আই এল বিষয়ৰ পৰীক্ষা। উল্লেখযোগ্য যে, বাকীবোৰ বিষয়ৰ পৰীক্ষা পূৰ্বৰ সূচী মতেই অনুষ্ঠিত হ’ব বুলি পৰীক্ষা নিয়ন্ত্ৰক ড০ সনয়ম ভৰদ্বাজে অৱগত কৰে।

চি বি এছ ই