/asomiyapratidin/media/media_files/2026/03/06/whatsapp-image-20-2026-03-06-12-42-02.jpeg)
ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ ছয়টা দিন পাৰ হ’ল ৷ আজিও অব্যাহত আছে যুদ্ধৰ বিভিষিকা ৷ তথ্য মতে,২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক অভিযানৰ পাছতে ইৰানত বৰ্তমানলৈকে কমেও ১২৩০ জন লোকৰ মৃত্যু হৈছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/06/whatsapp-image-2026-03-06-12-40-20.jpeg)
এই যুদ্ধৰ মাজতে আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াকৈ ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে চলোৱা আক্ৰমণৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে পশ্চিম এছিয়াৰ দেশবোৰত অহা ১১ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা বাতিল কৰিছে । মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত অব্য়াহত থকা উত্তেজনাৰ মাজতেই ব’ৰ্ডে পৰীক্ষা বাতিল কৰাৰ বিষয়ে ঘোষণা কৰে। অহা ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও পিছুৱাইছে । ইপিনে চিবিএছইয়ে অহা ৭ মাৰ্চত পৰিস্থিতি পুনৰীক্ষণ কৰি ৯ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা সন্দৰ্ভত অধিক নিৰ্দেশনা জাৰি কৰাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us