/asomiyapratidin/media/media_files/2025/12/21/udjdjjd-2025-12-21-10-23-51.jpg)
ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ কেলেংকাৰীত চি বি আয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী লেফটেন্যান্ট কৰ্ণেল। তেওঁৰ নাম হৈছে দীপক কুমাৰ শৰ্মা। ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন বিভাগৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ৰপ্তানি শাখাৰ ডেপুটি পৰিকল্পনা বিষয়া হিচাপে কৰ্মৰত দীপক কুমাৰ শৰ্মাক ঘোচ লৈ থাকোতেই গ্ৰেপ্তাৰ কৰিছে চি বি আয়ে।
ডুবাইৰ এটা কোম্পানীৰ সৈতে মিলি প্ৰতিৰক্ষা ক্ষেত্ৰত দীৰ্ঘদিন অপৰাধমূলক কাম-কাজৰ সৈতে জড়িত আছিল দাস। যোৱা ১৮ডিচেম্বৰ, ২০২৫ত ডুবাইৰ উক্ত কোম্পানীটোৰ এগৰাকী প্ৰতিনিধিৰ পৰা নগদ ৩লাখ টকা ঘোচ লৈ থাকোতেই ধৰা পেলায় তেওঁক।
ডুবাইৰ কোম্পানীখনৰ ভাৰতীয় প্ৰতিনিধি ৰাজীৱ যাদৱ আৰু ৰৱজিত সিঙে শৰ্মাৰ সৈতে নিয়মীয়া যোগাযোগ ৰাখি বেআইনী কামত জড়িত থকাৰ প্ৰমাণ পাইছে চি বি আয়ে। শৰ্মাৰ পত্নী কৰ্ণেল কাজল বালীৰ নামো গোচৰত উল্লেখ কৰা হৈছে।
দীপক কুমাৰ শৰ্মাক গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ বাসগৃহত অভিযান চলাই ভিন্ন নথি-পত্ৰ আৰু কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰে। দিল্লীৰ বাসগৃহত ২.২৩ কোটি টকা আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰ স্থিত বাসগৃহত নগদ ১০লাখ টকা উদ্ধাৰ কৰে। বৰ্তমান চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে। শৰ্মাৰ নয়াদিল্লীস্থিত কাৰ্য্যালয়তো তালাচী চলি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us