/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/cbi89-hai.jpg)
♦ ডি জে ধনন্তৰি
চি বি আই হায়… হায়…! তেতিয়াও, এতিয়াও। তেতিয়া যিয়ে হায়… হায়… কৰিছিল এতিয়া সেইজন চিবিআইৰ হৰ্তা-কৰ্তা। সেয়ে এতিয়া হায়… হায়… কৰে সেইজনে যিজন আছিল তেতিয়াৰ চিবিআইৰ সৰ্বেসৰ্বা। চিবিআইৰ হৰ্তা-কৰ্তা, সৰ্বেসৰ্বা কোন? প্ৰকৃততে ইয়াৰ উত্তৰ সঞ্চালক। এই মুহূৰ্তত পিছে চিবিআইত নাই প্ৰকৃত হৰ্তা-কৰ্তা, সৰ্বেসৰ্বা। আছে নেপথ্যৰ হৰ্তা-কৰ্তা, সৰ্বেসৰ্বাসকলহে।
নেপথ্যৰ হৰ্তা-কৰ্তাসকলৰ বাবেই এতিয়া টুইটাৰত ট্ৰেণ্ডিং হৈ পৰিছে #CBIVsCBI। চিবিআইৰ কাৰ্যালয়ত চিবিআইৰ তালাচী। নোহোৱা-নোপজা এনে ঘটনাক লৈ এতিয়া তোলপাৰ হৈ পৰিছে দেশ। যি চিবিআইৰ নাম শুনিলে দুৰ্নীতিৰ খলনায়কসকলৰ বুকু অলপ হ'লেও কঁপি উঠিছিল সেইসকল এতিয়া বাগৰি পৰিছে হাঁহিত।
চিবিআইৰ যে এদিন এনে অৱস্থা হ'ব সেই কথা ৫ বছৰ পূৰ্বেই অনুমান কৰিছিল তেওঁ। অনুমান আছিল এনেধৰণৰ, 'চিবিআইক চৰকাৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। এয়া সঁচাকৈয়ে দুৰ্ভাগ্যপূৰ্ণ।' তেওঁ আৰু কৈছিল, 'দেশৰ জনগণে চিবিআইৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। গতিকে চৰকাৰে আৰু কোনো লোককে চিবিআইৰ ভয় দেখুৱাই লাভ নাই।'
চিবিআইক লৈ এনে সত্য (!) অনুমান কৰাজন আন কোনো নহয়, তেওঁ হৈছে স্বয়ং নৰেন্দ্ৰ মোদী। শাসনত যেতিয়া কংগ্ৰেছ আছিল তেতিয়া চিবিআইক কংগ্ৰেছ ব্যুৰ' অব ইনভেষ্টিগেশ্যন বুলি ইতিকিং কৰিছিল মোদীয়ে। আৰু আজি? আজি মমতা বেনাৰ্জীয়ে চিবিআইক ইতিকিং কৰিছে বিবিআই অৰ্থাৎ বিজেপি ব্যুৰ' অব ইনভেষ্টিগেশ্যন বুলি। এয়াই দেশৰ সৰ্বোচ্চ অনুসন্ধানকাৰী সংস্থাৰ বাস্তৱ!
এটা মূৰত সংস্থাটোৰ ১ নং ৰেংকিঙৰ বিষয়া। আন এটা মূৰত সংস্থাটোৰ ২নং ৰেংকিঙৰ বিষয়াজন। দুই শীৰ্ষ বিষয়াৰ যুঁজত নেপথ্যৰ সৰ্বেসৰ্বা হৰ্তা-কৰ্তা-বিধাতা চৰকাৰৰ হস্তক্ষেপত এতিয়া অসহায় চিবিআই। তাকে দেখি বিৰোধী কংগ্ৰেছে ঢৌতে বাগৰি চিঞৰিছে চিবিআই হায় হায়…!
এইবোৰৰ মাজতে দেশবাসীক আশ্বস্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে সৰ্বোচ্চ ন্যায়ালয়ে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে চিবিআইৰ ভিতৰচ'ৰাত চৰকাৰে নিয়ম বৰ্হিভূতভাৱে প্ৰৱেশৰ চেষ্টা চলোৱা বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে বিষয়টোক এক নতুন মাত্ৰা প্ৰদান কৰে। নিশাটোৰ ভিতৰতে চিবিআইৰ মূৰব্বী পদত অধিষ্ঠিত হোৱা নাগেশ্বৰ ৰাওক একপ্ৰকাৰ অস্তিত্বহীন কৰি তোলে আদালতৰ আজিৰ ৰায়ে।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ কে কোল আৰু ন্যায়াধীশ এম যোছেফৰ বিচাৰপীঠে চিবিআইৰ বাধ্যতামূলক ছুটী প্ৰদান কৰা সঞ্চালক আলোক বৰ্মা সন্দৰ্ভতো প্ৰদান কৰে বিশেষ ৰায়। এই অনুযায়ী চেণ্ট্ৰেল ভিজিলেন্স কমিটি চিবিচিয়ে দুসপ্তাহৰ ভিতৰত আলোক বৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ পাটনায়কৰ তত্বাৱধানত সম্পূৰ্ণ কৰিব। তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আলোক বৰ্মা আৰু ৰাকেশ আস্থানাই কাৰ্যালায়ত উপস্থিত হ'ব নোৱাৰিব লগতে নিশাৰ ভিতৰতে চৰকাৰে নিযুক্তি দিয়া অন্তৱৰ্তীকালীন সঞ্চালক নাগেশ্বৰ ৰাৱে এই সময়ছোৱাত কোনো সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্যকৰী কৰিব নোৱাৰিব। চিবিআইৰ বিশেষ নিৰ্দেশক ৰাকেশ আস্থানাৰ আবেদন সন্দৰ্ভতো আন এদিন শুনানি গ্ৰহণ কৰিব বুলিও জনায় ন্যায়ালয়ে। আনহাতে আলোক বৰ্মা সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ১২ নৱেম্বৰ।
এনেদৰেই উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত দেশৰ অনুসন্ধানকাৰী সংস্থাটো একপ্ৰকাৰ তছনছ হৈ পৰাৰ পৰা কোনোমতে ৰক্ষা পৰে। কথা হ'ল এনে এটা গুৰুত্বপূৰ্ণ সংস্থাৰ এইহেন অৱস্থা হ'বলৈ পালে কেনেকৈ? এই প্ৰশ্নৰ উত্তৰৰ বৰ্ণনাধৰ্মী হ'লেও এটা শব্দত দিবলৈ গ'লে সেয়া হ'ব 'ৰাজনীতি'। এই ৰাজনীতি পিছে আজিৰ নহয়। মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে উদাত্ত ভাষণত কোৱাৰ দৰে কংগ্ৰেছৰ দিনতে সংস্থাটোৰ যে এনে অৱস্থা হৈছিল সেয়াও সত্য নহয়। আনহাতে মোদীৰ দিনতে যে সংস্থাটোত এনেধৰণৰ কোনোকালে নোহোৱা ঘটনা সংঘটিত হৈছে সেয়াও সত্য নহয়।
তেতিয়াও কেন্দ্ৰত গাদীত আছে এনডিএ। প্ৰধানমন্ত্ৰী আছিল প্ৰয়াত অটল বিহাৰী বাজপেয়ী। ১৯৯৮ চনৰ ১৯ নৱেম্বৰ। নিশা তেতিয়া ৮ বাজিছিল। বগা এম্বেছেডৰত উঠি চিবিআইৰ এটি দল উপস্থিত হৈছিল আম্বানি পৰিয়ালৰ বাসগৃহত। ধীৰুভাই আম্বানি তেতিয়া জীৱিত। বাসগৃহৰ লগতে ৰিলায়েন্সৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়তো হাজিৰ হৈছিল চিবিআইৰ দল। ৮ ঘণ্টা ধৰি ঘৰ-অফিছ সকলোতে চলিছিল চিবিআইৰ তালাচী।
তেতিয়াৰ চিবিআইৰ সঞ্চলক ত্ৰিনাথ মিশ্ৰৰ ওচৰলৈ খবৰ আহিছিল যে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ সৈতে স্বাক্ষৰ কৰা চুক্তিত আম্বানিৰ ৰিলায়েন্স কোম্পানীয়ে অনিয়ম সংঘটিত কৰিছে। সঞ্চালক মিশ্ৰই লগে লগে দিয়া নিৰ্দেশৰ ভিত্তিতে ক'বলৈ গ'লে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান বৃহৎ কোম্পানী এটাত অতৰ্কিতে চলিছিল চিবিআইৰ হাতোৰা। এতিয়াৰ দৰেকৈ তেতিয়াও আছিল ৰাজনৈতিক চাপ। নেপথ্যৰ হৰ্তা-কৰ্তাৰ পৰা নিৰ্দেশ আহিছিল তেনে নকৰিবলৈ। পিছে ৰাজনৈতিক হেঁচাৰ ওচৰত শিৰনত কৰা বিধৰ মানুহ নাছিল ত্ৰিনাথ মিশ্ৰ। কিন্তু ৰাজনৈতিক হেঁচা কি ইমান সহজ যে চিবিআই হ'ল বুলিয়েই তাক ওফৰাই পেলাব? ওহো সেয়া মুঠেই সম্ভৱ নহয়। ত্ৰিনাথ মিশ্ৰৰ এনে কাৰ্যক মুঠেই সমৰ্থন কৰা নাছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী বাজপেয়ী আৰু গৃহমন্ত্ৰী এল কে আদৱানিয়ে। অৱশেষত কৃতকৰ্মৰ ফল ভোগ কৰি দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই সঞ্চালকৰ চকী এৰিবলৈ বাধ্য হৈ পৰিছিল ত্ৰিনাথ মিশ্ৰ।
এতিয়া শাসনৰ গাদীত এনডিএৰ দ্বিতীয়খন চৰকাৰ। চিবিআইৰ শীৰ্ষস্থানত আছে আলোক বৰ্মা। দ্বিতীয় স্থানত ৰাকেশ আস্থানা। উত্থাপিত অভিযোগ অনুযায়ী ৰাকেশ আস্থানা হেনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ঘৰৰ মানুহ। মোদী-শ্বাহৰ কৃপাতে আস্থানাই ধনে-বলে চিবিআইৰ ভিতৰে-বাহিৰে বাহুবলী হৈ পৰিছিল বুলি চৰ্চা চলিছে। কন্যাৰ বিয়াত আশ্বৰ্যকৰ আয়োজন কৰিও সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল আস্থানা। ইয়াৰ মাজতে উৎকোচ গ্ৰহণৰ অভিযোগবোৰ আছেই।
মাংস ব্যৱসায়ী মঈন কুৰেশ্বিৰপৰা আস্থানাই তিনি কোটি টকা উপঢৌকন লোৱা বুলি উঠা অভিযোগৰ পৰিপ্ৰেক্ষিতত সঞ্চালক বাৰ্মাই আস্থানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত। চতুৰ আস্থানায়ো গ্ৰেপ্তাৰৰপৰা হাত সাৰিবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে সঞ্চালক বৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰে দুৰ্নীতিৰ প্ৰতি অভিযোগ। এনে অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে কেন্দ্ৰই আপোন মানুহক ৰক্ষণাবেক্ষণ দিবলৈ দুয়োজনকে বাধ্যতামূলক ছুটী প্ৰদান কৰে। লগে লগে বিৰোধী কংগ্ৰেছে উত্থাপন কৰে আন এক অভিযোগ। কংগ্ৰেছৰ মতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সঞ্চালক আলোক বৰ্মাই ৰাফেল চুক্তিক লৈ তদন্ত আৰম্ভ কৰা বাবেই নিজক বচাবলৈ মোদী চৰকাৰে এনে ৰণনীতি হাতত লৈছে। এই ৰণনীতিৰ অংশ হিচাপেই সঞ্চালক বৰ্মাক কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই অপসাৰণৰ চেষ্টা চলাইছে বুলিও অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।
যি কংগ্ৰেছৰ বিৰুদ্ধে এদিন প্ৰধানমন্ত্ৰীৰ গাদী দখলৰ পূৰ্বে মোদীয়ে চিবিআইক নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সেই কংগ্ৰেছেই আজি মোদীক একেটা অভিযোগত অভিযুক্ত কৰিছে। সঁচাকৈয়ে কি বিচিত্ৰ এই দেশৰ ৰাজনীতি। কি বিচিত্ৰ এই দেশৰ অনুসন্ধানকাৰী সংস্থাৰ প্ৰকৃত স্বৰূপ। এনে সংস্থাকে ভৰসা কৰি প্ৰতিটো দুৰ্নীতিৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে আমি প্ৰতিবাদী সমদল বাহিৰ কৰি চিঞৰো- অমুক দুৰ্নীতিৰ চিবিআই তদন্তৰ ব্যৱস্থা কৰক, অমুক হত্যাকাণ্ডৰ তদন্ত চিবিআইক দিয়ক! হায় হায় চিবিআই!
এসময়ত শাসনত থকা কংগ্ৰেছৰ চিবিআইৰ কাম-কাজত বিধিবহিৰ্ভূত হস্তক্ষেপক লৈ ৰাজপথত নামিছিল শাসক দল বিজেপি। কিন্তু শেহতীয়াকৈ দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থাটোৰ দুই মুৰব্বীক অব্যাহতি দি নিশাৰ ভিতৰতে নাগেশ্বৰ ৰাওক অন্তৱৰ্তী সঞ্চালকৰূপে নিয়োগ কৰা ঘটনাৰ উপৰি চিবিআইক সঞ্চালক বাৰ্মা আৰু বিশেষ সঞ্চালক আস্তানাৰ কাৰ্যালয়ত চিবিআইয়ে তালাচী চলোৱা ঘটনাটোৱে সমগ্ৰ দেশক জোকাৰি গৈছে।
কেৱল সেয়ে নহয়, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ইয়াত হস্তক্ষেপ কৰি নাগেশ্বৰ ৰাওৰ ক্ষমতা কৰ্তন কৰাৰ প্ৰাকক্ষণত অতি ৰহস্যপূৰ্বকভাৱে চৰকাৰে বাৰ্মা আৰু আস্তানাক পুনৰ কাৰ্যালয়লৈ ঘূৰাই নিয়াৰ ঘটনায়ো বৃদ্ধি কৰিছে ৰহস্যৰ। ইয়াৰ ৰাজনৈতিক সুবিধা পূৰণৰ স্বাৰ্থতে দেশজুৰি এইবাৰ ৰাজপথত নামিছে বিৰোধী দল কংগ্ৰেছ। চিবিআইক বিধিবহিৰ্ভূতভাৱে নিয়ন্ত্ৰণ কৰাৰ অভিযোগেৰে চিবিআইৰ মুখ্য কাৰ্যালয়ৰ উপৰি বিভিন্ন ৰাজ্যৰ ৰাজধানী চহৰত থকা চিবিআই কাৰ্যালয়ৰ সন্মুখত চিবিআই হায় হায় কৈ দলটোৱে ধৰ্ণাও দিছিল।
ইফালে সৰ্বোচ্চ ন্যায়ালয়ে গোটেই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে শুকুৰবাৰে নিৰ্দেশনা জাৰি কৰাৰ উপৰি পৰৱৰ্তী পৰ্যায়ত চিবিআইৰ স্বতন্ত্ৰা আৰু সংস্কাৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনাও দেখা গৈছে।
আচৰিত কথা হ'ল- বিৰোধী দল কংগ্ৰেছে যদিও চৰকাৰে অবৈধ হস্তক্ষেপ কৰা বুলি অভিযোগ কৰিছে, ধৰ্ণাৰ সময়ত পিছে চিবিআইৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া দৰাচলতে চিবিআইক ৰাজনৈতিক হস্তক্ষেপ মুক্ত কৰাৰ আন্দোলন নে কংগ্ৰেছৰ বিভিন্ন নেতাৰ বিৰুদ্ধেও তদন্ত চলাই থকা চিবিআইৰ ওপৰত চাপ সৃষ্টিৰ আন্দোলন সেই লৈও প্ৰশ্ন উত্থাপন হৈছে।