/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-14-41-21.jpeg)
ডিজিটেল ডেস্কঃ অসম কো-অপাৰেটিভ এপেক্স বেংকৰ কোটিটকীয়া ঋণ কেলেংকাৰীক লৈ তদন্ত তীব্ৰতৰ হৈছে। এই কেলেংকাৰীত অভিযুক্ত ব্যৱসায়ী ৰাজেশ বাজাজৰ মহানগৰীৰ সৰুমটৰীয়াৰ বাসগৃহত কেন্দ্ৰীয় তদন্ত সংস্থা CBIয়ে অভিযান চলাইছে।
এই কেলেংকাৰীত বেংকৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ জড়িত থকাৰ সন্দেহো উত্থাপিত হৈছে। CBIয়ে অভিযানকালত বেংকিং লেনদেন, নথি-পত্ৰ আৰু সম্পত্তি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰি থকা বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/capturedgfdfdfd-2026-01-20-14-36-34.jpg)
উল্লেখযোগ্য যে, অসম কো-অপাৰেটিভ এপেক্স বেংকৰ সৈতে জড়িত এক বৃহৎ বেংক জালিয়াতিৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল। অভিযোগ অনুসাৰে, এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী ব্যৱসায়ী ৰাজেশ বাজাজে বেংকৰ পৰা মুঠ ২০ কোটি ৩০ লাখ টকা ঋণ লাভ কৰিছিল। সাৰদা কেলেংকাৰীত নাম সাঙোৰ খোৱা এইগৰাকী ব্যক্তিক ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা উলংঘা কৰি এই বৃহৎ অংকৰ ঋণ প্ৰদান কৰা হৈছিল বুলি সেই সময়ত অভিযোগ উঠিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/capturegffgfgf-2026-01-20-14-36-48.jpg)
সূত্ৰ অনুসাৰি, এটা সংঘবদ্ধ চক্ৰৰ জৰিয়তে সেই সময়ত ৰাজেশ বাজাজে উক্ত ২০ কোটি টকাৰ ঋণ লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত বেংকক এই ধন ঘূৰাই নিদিয়াৰ ফলতেই এপেক্স বেংক আৰ্থিক সংকটত পৰি দেউলীয়া অৱস্থালৈ গতি কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/capturehtyrttyr-2026-01-20-14-37-01.jpg)
ইফালে, CBIৰ অভিযান ইতিমধ্যে সমাপ্ত হৈছে আৰু সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত অধিক তথ্য প্ৰকাশ পাব বুলি আশা কৰা হৈছে। এটা ৰঙা ৰঙৰ বেগত নথি-পত্ৰ সমূহ লৈ গৈছে তদন্তকাৰী দলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us