Advertisment

সহজ ধনৰ লোভ! চিবিআই বিষয়াৰ বিৰুদ্ধে চিবিআই চলাব লগা হৈছে অভিযান...

এইগৰাকী চিবিআই কৰ্মীয়ে ২০২৩ বৰ্ষত এই সন্মান লাভ কৰিছিল। তাৰ পাছত ২০২৪ ত তেওঁ ১০ লাখ টকা উৎকোচ লৈ ধৰা পৰিছিল। তেওঁক ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে চিবিআইয়ে বিভিন্ন স্থানত অভিযান চলায়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ে্

ডিজিটেল ডেস্কঃ  চিবিআই নামিব লগা হৈছে চিবিআই বিষয়াৰ বিৰুদ্ধে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোত কৰ্মৰত একাংশ বিষয়াৰ দুৰ্নীতিৰ দস্তাবেজ খুলিছে চিবিআইয়ে। নাম তেওঁৰ বি এম মীনা। চিবিআইৰ উপ আৰক্ষী অধীক্ষক পদত কৰ্মৰত এইগৰাকী বিষয়া।

Advertisment

মুম্বাই বেংক চিকিউৰিটি এণ্ড ফ্ৰৰ্ডত নিয়োজিত হৈ থকা মীনাৰ বিৰুদ্ধে আছিল বহু কেইটা অভিযোগ। একাউন্ট আৰু হাৱালাৰ জৰিয়তে অবৈধ ধনৰ লেনদেনৰ ওপৰত চকু ৰাখিবলৈ মীনাক দায়িত্ব দিয়া হৈছিল।

সেই দায়িত্ব আৰু ক্ষমতাৰ অপ ব্যৱহাৰ কৰিছিল ডিএচপি মীনাই। ইয়াক প্ৰতিৰোধ কৰা সলনি মহাৰাষ্ট্ৰৰ মুম্বাইৰ চিবিআইৰ বিষয়া গৰাকী হৈ পৰিছিল মধ্যভোগী। এনে তদন্তৰ পৰিসৰৰ ভিতৰত পৰা বিভিন্ন ব্যক্তিৰ পৰা অযথা সুবিধা লৈছিল মীনাই। যাৰ বাবে তেওঁৰ বিৰুদ্ধে ৰুজু হ'ল চিবিআইত গোচৰ।

সেই গোচৰৰ তদন্ত কৰি চিবিআইয়ে জয়পুৰ,কলকাতা,মুম্বাই,নতুন দিল্লী আদি স্থানত তালাচী চলাইছিল। হাৱালাৰ জৰিয়তে প্ৰেৰণ কৰা ৫৫ লাখ টকা জব্দ কৰা হয় এই অভিযানত। লগতে ১.৭৮ কোটি টকাৰ সম্পত্তিত বিনিয়োগৰ প্ৰমাণ লাভ কৰে চিবিআইয়ে। চিবিআইত কৰ্মৰত বহু বিষয়াৰ বিৰুদ্ধে উত্থাপিত হয় অনিয়মৰ গোচৰ।

চিবিআইৰ সঞ্চালক প্ৰবীন সুদৰ মতে, ব্যাহিক অনিয়ম,দুৰ্নীতি নিৰ্মূল কৰাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় সংস্থাটোৰ আভ্যন্তৰীণ সতৰ্কতা অধিক প্ৰয়োজন হৈ পৰিছে। তেওঁ জানিবলৈ দিয়ে, যোৱা কিছুদিনত এনে সতৰ্কতা অৱলম্বন কৰি ৩ জন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

৫জন চিবিআই কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সেৱাত নিয়োজিত লোকক বাধ্যতামূলক অৱসৰ দিয়া হৈছে। চিবিআইৰ পৰামৰ্শ অনুসৰি চিবিআইৰ পৰিদৰ্শক ৰাহুল ৰাজৰ পৰা গৃহমন্ত্ৰীৰ উৎকৃষ্টতা পদক ঘূৰাই নিয়া হৈছে।

উল্লেখযোগ্য যে,এইগৰাকী চিবিআই কৰ্মীয়ে ২০২৩ বৰ্ষত এই সন্মান লাভ কৰিছিল। তাৰ পাছত ২০২৪ ত তেওঁ ১০ লাখ টকা উৎকোচ লৈ ধৰা পৰিছিল। তেওঁক ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে চিবিআইয়ে বিভিন্ন স্থানত অভিযান চলায়। কিন্তু তেওঁলোকে সমান্তৰালভাৱে দৃষ্টি ৰাখে নিজৰ বিষয়া-কৰ্মচাৰীৰ ওপৰতো।

নৰ্দান কলফিড লিমিটেডৰ কেলেংকাৰীৰ তদন্ত কৰিছিল চিবিআইয়ে। ২০২৪ চনৰ ১৭ আগষ্টত চলোৱা তালাচী সমূহত নৰ্দান কলফিড লিমিটেডৰ পৰিচালন সঞ্চালকৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছিল ৩.৮৫ কোটি টকা। সেয়া আছিল উৎকোচৰ ধন। এই বিশাল কেলেংকাৰীৰ তদন্ত কৰিছিল চিবিআই বিষয়া যোচেফ ডাম্বলেয়ে। জবলপুৰত এই কেলেংকাৰীৰ সৈতে জৰিত চক্ৰটোৱে চিবিআই বিষয়াক উৎকোচ দিয়াৰ চেষ্টা চলাইছিল। 

দুৰ্নীতি নিৰ্মূলৰ দায়িত্বত নিয়োজিত একাংশ বিষয়াই সংঘটিত কৰা অপৰাধ এয়া। সমান্তৰালভাৱে ইডিতো কৰ্মৰত একাংশ বিষয়াৰ বিৰুদ্ধে সতৰ্ক দৃষ্টি ৰাখিবলগীয়া হয় উৰ্ধতম কৰ্তৃপক্ষই। আয়কৰ বিভাগৰ ক্ষেত্ৰতো এই সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয় নহ'লে, সেই অপৰাধী চক্ৰৰ হাতোৰাত বন্দী হয় এই সকল তদন্তকাৰী বিষয়া।

চিবিআইৰ ইতিহাসত এনে উদাহৰণ আছে যে খোদ এই সংস্থাটোৰ মুৰব্বীয়ে উৎকোচ লোৱা গোচৰত অভিযুক্ত হ'বলগীয়া হৈছে। উল্লেখ কৰিব পাৰি চিবিআইৰ প্ৰাক্তন সঞ্চালক এ পি সিঙৰ কথা। মইন কুৰেচীৰ মাংস ৰপ্তানীৰ গোচৰৰ সৈতে নাম সাঙুৰ খাইছে প্ৰাক্তন চিবিআই মুৰব্বী গৰাকীৰ।

মইন আখতাৰ কুৰেচীয়ে সংঘটিত কৰা দুৰ্নীতিৰ তদন্ত কৰি আছে আয়কৰ আৰু ইডিয়ে। চিবিআইৰ এইগৰাকী শীৰ্ষ মুৰব্বী ২০১০-১২ বৰ্ষৰ চিবিআই সঞ্চালকৰ দায়িত্বত আছিল। তেওঁৰে কাৰ্যকালত টু জি স্পেকতাম আৰু কমনৱেল্থ গেম কেলেংকাৰীৰ তদন্ত কৰি প্ৰাক্তন টেলিকম মন্ত্ৰী এ ৰাজা আৰু সুৰেশ কালমাদিক গ্ৰেপ্তাৰ কৰিছিল। 

শেহতীয়াকৈ তদন্তত অহা তথ্য মতে, এইজন চিবিআই সঞ্চালকে ব্লেকবেৰী মেছেঞ্জাৰৰ জৰিয়তে কুৰেচীৰ সৈতে সম্পৰ্ক ৰাখিছিল।দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত এ পি সিং, মইন কুৰেচীৰ বিৰুদ্ধে হাইডৰাবাদৰ এজন ব্যৱসায়ীয়ে এজাহাৰ দাখিল কৰিছে। সেই এজাহাৰৰ ভিত্তিতে চিবিআইয়ে প্ৰাক্তন সঞ্চালক এ পি সিঙৰ বাসগৃহত অভিযান চলাইছিল।

ইয়াৰোপৰি ২০১৮ চনত চিবিআইৰ সেই সময়ৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ বিৰুদ্ধেও ৰুজু হৈছিল উৎকোচ লোৱাৰ গোচৰ। ২০১৭ চনত চিবিআইৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত সিনহাৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। সামন্তৰালকৈ বিগত বৰ্ষত চিবিআইয়ে এন আই এৰ এগৰাকী উপ-আৰক্ষী অধীক্ষক আৰু দুজন মধ্যভোগীক ২০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

 

চিবিআই