/asomiyapratidin/media/media_files/2025/08/21/sfdsdsd-2025-08-21-22-55-41.jpg)
ডিজিটেল ডেস্কঃ আৰক্ষীৰ জিম্মাত থকা কনিষ্টবলক অমানবীয় নিৰ্যাতনৰ চলোৱাৰ অভিযোগত চিবিআই-এ বুধবাৰে ৮জন আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা আৰক্ষীসকলৰ ভিতৰত এজন উপ-আৰক্ষী অধীক্ষক, এজন পৰিদৰ্শক আৰু এজন সহকাৰী উপ-পৰিদৰ্শকো আছে। এই ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰত।
উল্লেখযোগ্য যে, ২০২৩ চনৰ ১৭ ফেব্ৰুৱাৰীত বাৰামুল্লাত কৰ্তব্যৰত খুৰশ্বীদ আহমদ চোহান নামৰ কনিষ্টবল জনক কুপৱাৰাৰ যুটীয়া জেৰা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছিল। তেতিয়াৰ কুপৱাৰা এছএছপিয়ে তেওঁক নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ গোচৰৰ তদন্তৰ নামত সোধা-পোছা কৰিছিল।
এই তদন্তৰ অন্তত চোহানৰ পত্নীয়ে দাখিল কৰিছিল এখন এজাহাৰ। এই এজাহাৰত অভিযোগ কৰা হৈছিল যে, কুপৱাৰাৰ জেৰা কেন্দ্ৰত আৰক্ষীয়ে খুৰশ্বীদক কেইবাদিন ধৰি লোহাৰ ৰড, লাঠিৰে মাৰপিট কৰাৰ লগতে বিদ্যুৎস্পৃষ্ট কৰাইছিল। আনকি তদন্তৰ নামত যৌন নিৰ্যাতন কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল কনিষ্টবলজনৰ পত্নীয়ে। ২৬ ফেব্ৰুৱাৰীত কনিষ্টবলজনক হাস্পতালত ভৰ্তি কৰা হৈছিল।
এই ঘটনাৰ দুবছৰৰ অন্তত যোৱা মাহত উচ্চতম ন্যায়ালয়ে ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি চিবিআইক এফআইআৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় এই ৮জন আৰক্ষীক। পৰৱৰ্তী পৰ্যায়ত অভিযুক্ত ৮ আৰক্ষীক আদালতৰ অনুমতিক্ৰমে অধিক জেৰা কৰা হ’ব বুলি চিবিআই সূত্ৰই জনাইছে। ইফালে, কনিষ্টবলজনক ৫০ লাখ টকা ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিয়ে আদালতে।