/asomiyapratidin/media/media_files/2025/10/25/bfgfgfgfgfg-2025-10-25-11-45-21.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সহজলভ্য ধনৰ লোভত পৰা এচাম উদণ্ডৰ সীমাহীন অনৈতিক কাৰ্যৰ ভুস্বর্গলৈ পতিত হৈছে ঢকুৱাখনা। বিগত প্ৰায় ডেৰ বছৰে ঢকুৱাখনাত মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন হোৱাৰ পাছত এতিয়া গৰু চোৰৰ দপদপনি আৰম্ভ হৈছে। চহা পৰিয়ালৰ পালিত পশুধন পথাৰৰ পৰা অথবা ঘৰৰ পৰা চুৰি কৰি নিয়া এটা বৃহৎ গৰুচোৰ চক্ৰই বাহৰ পাতি ঢকুৱাখনাত কৃষকৰ জনজীৱন বিপৰ্যস্ত কৰি তুলিছে।
চুবুৰীয়া জিলা ধেমাজি ,শিৱসাগৰ আদিত বহা সাপ্তাহিক বজাৰৰ পূৰ্বে ঢকুৱাখনাত আশ্ৰয় লোৱা সন্দেহজনক ব্যক্তিয়ে চহা ৰাইজৰ গোধন চুৰি কৰাত নামি পৰে। শেহতীয়া ভাবে যোৱা নিশা ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ৰহা গাওঁৰ পৰা তিনিটা চহা পৰিয়ালৰ তিনি হাল বলদ গৰু চুৰি কৰি নিয়ে। গাঁওখনৰ দৰিদ্ৰ কৃষক পৰিয়াল ক্ৰমে মাণিক খাউণ্ড, তিলেশ্বৰ খাউণ্ড আৰু বিপিন বৰাৰ ঘৰৰ গোহালিৰ পৰা যোৱা নিশা প্ৰায় ২বজাত পঘা কাটি আঁঠুৱা ফালি চুৰি কৰি নিয়ে থুলন্তৰ বলদ ৬ টা । পুৱা গৃহস্থই প্ৰত্যক্ষ কৰি মাছখোৱা , মাতমৰা , ঘিলামৰা আদি বিভিন্ন স্থানত সন্ধান চলাই দুপৰীয়া পৰ্যন্ত ব্যৰ্থ হয়।
পূৰ্বেও এইখন গাঁওৰ পৰা বলদ চুৰি ঘটনা সংঘটিত হৈছিল যদিও গৃহস্থৰ তৎপৰতাত জোনাই সমজিলাৰ এখন বজাৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ পুনৰাবৃত্তি ঘটা কাৰ্যত চিন্তিত পশু পালক শ্ৰমজীৱী ৰাইজ। এইখিনিতে আহি পৰিছে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীৰ সক্ৰিয়তাকলৈ বহু প্ৰশ্ন।
পশ্চিম মাছখোৱাবাসীৰ এটা দীৰ্ঘদিনীয়া অভিযোগ ঢকুৱাখনা সদৰৰ পৰা দূৰ হোৱাৰ বাবে ঢকুৱাখনা আৰক্ষীয়ে এনেবোৰ অঞ্চলত নৈশ তহল দিয়াত অমনোযোগী ভূমিকা পালন কৰে। ভাওনা , নাটক হলে দলে বলে ঢাপলি মেলা সোৰোপা অকমন্য আৰক্ষীয়ে স্বাভাবিক সময়ত পাহৰি যায় এনেবোৰ অঞ্চললৈ। তাৎপৰ্যপূৰ্ণ ভাবে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সক্ৰিয়তাকলৈও বহু প্ৰশ্ন উত্থাপিত হৈ আহিছে।
ঐতিহ্যমণ্ডিত থানাখনৰ পবিত্ৰতা বিনষ্ট কৰি নিৰীহক অমানৱীয় শাৰীৰিক নিৰ্যাতন চলোৱা, মাৰাত্মক চোৰাং নিচা বেপাৰীৰে সু সম্পৰ্ক ৰাখি চোৰাং বনজ সম্পদ সৰবৰাহ কৰা বাহনৰ পৰা দকা হকা দি ধন লবলৈ ক্ষণ গণি থকা ঢকুৱাখনা আৰক্ষীৰ সোপা ঢিলা চৰিত্ৰৰ বাবেই গ্ৰামাঞ্চলত এচাম দুস্কৃতিকাৰীয়ে ভয়ংকৰ নিষিদ্ধ মাদক দ্ৰব্যৰ অবাধ প্ৰচলন কৰি, কৃষকৰ মেৰুদণ্ড স্বৰূপ পশুধন চুৰি কৰি তাণ্ডৱ চলাই আহিছে বুলি ৰাজহুৱা অভিযোগ ভুক্তভোগীৰ মুখে মুখে। অদক্ষ প্ৰভাৰী গৰাকীৰ লগতে এচাম নিষ্কৰ্ম্মা আৰক্ষীৰ কাৰ্যকালত মাৰাত্মক ৰূপত থিয় দি উঠা এনে চিন্তনীয় পৰিবেশ পৰিস্থিতি নিৰাময় কৰাত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ ঢকুৱাখনাবাসীৰ কাম্য।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us