/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ba061e7a-f1ea-497c-af51-65ff7ea28bee/goru_sor_dhubri.jpg)
Cattle Thieves
ডিজিটেল সংবাদ, ধূপধৰাঃ গো-ধন সুৰক্ষাৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়ণ কৰাৰ পিচতো দুষ্টচক্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা ৷ প্ৰশাসন-আৰক্ষীৰ চকুত ধুলি দি এই চক্ৰই প্ৰতিদিনে চলাই গৈছে গৰুৰ চোৰাং বেহা ৷
তেনে এক চোৰাং গৰু ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে ধূপধৰা আৰক্ষীয়ে নিকটৱৰ্তী হীৰাপাৰাত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰি থকা ৯ টাকৈ গৰু জব্দ কৰাৰ লগতে ৩ জন সৰবৰাহকাৰীক আটক কৰে ৷
ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসে মঙলবাৰে জানিবলৈ দিয়ামতে, ধূপধৰাৰ সমীপৰ হীৰাপাৰা গাঁৱৰে সোমবাৰে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ এক খবৰ লাভ কৰে ৷
এই খবৰৰ ভিত্তিতে ধূপধৰা আৰক্ষীয়ে অভিযান চলায় আৰু ৩ জন লোকে খোজকাঢ়ি ৯ টা গৰু নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ৷ আৰক্ষীয়ে গৰুকেইটা জব্দ কৰাৰ লগতে সৰবৰাহ কৰি থকা ৩ জন সৰবৰাহকাৰীক আটক কৰি থানালৈ আনে ৷
আৰক্ষীয়ে জানিবলৈ দিয়ামতে লোক কেইজনে গৰুকেইটা মেঘালয়ৰ আদোকগিৰিলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷
উল্লেখযোগ্য যে জব্দ কৰা আটাইকেইটা গৰু চেউৰী ৷ অন্যহাতে আটক কৰা লোক কেইজন হৈছে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ক্লিয়াৰী ৰংমাহ (৪০), এপ্টাৰচুন খাৰ (২০) আৰু গ্ৰীভাঞ্চল চলগ্মাৰ (২২)৷ আৰক্ষীয়ে আটাইকেইগৰাকীক মঙলবাৰে গ্ৰেপ্তাৰ কৰি গোৱালপাৰাৰ জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷