/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/29f922f0-7b00-41e9-9613-736e1fa38e15/GHILAMARA.jpg)
Cattle theft case
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গ্ৰামাঞ্চলত পশুধন চোৰৰ নিৰ্বিচাৰ দৌৰাত্ম্য অব্যাহত আছে । বিগত কিছুদিন ধৰি ঘিলামৰাৰ চহা কৃষকৰ নিশা বান্ধি ৰখা পশুধন সংগোপনে উঠাই নি চোৰাং বজাৰত বিক্ৰী কৰাৰ এক অশুভ পৰম্পৰা আৰম্ভ হৈছে।
শেহতীয়া ভাৱে ঘিলামৰাৰ চামপৰা অঞ্চলৰ উত্তম বৰুৱাৰ এজনী গাই , এজনী চেউৰী, গোপীনাথ বৰুৱাৰ দুটা বলধ ,অমিয় বৰুৱাৰ হালোৱা এহাল, চেনিৰাম বৰুৱাৰ এটা বলধ চামপৰা দলংৰ কাষৰ পৰা নিশা উঠাই নিছে অজ্ঞাত ব্যক্তিয়ে ।
নিজৰ পশুধনক হেৰুৱাই খেতিয়ক সকল বিমোৰত পৰিছে আৰু অশেষ অনুসন্ধান চলায়ো সন্ধান উলিওৱাত ব্যৰ্থ দুৰ্ভগীয়া কৃষক সকল।
ঘিলামৰাৰ কৃষক পশু পালক সকলক চিন্তিত কৰি তোলা পশুধন চুৰি কাণ্ডৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহনত ব্যৰ্থ ঘিলামৰা আৰক্ষী। চহা ৰাইজে এই ক্ষেত্ৰত ঘিলামৰা আৰক্ষীক কঠোৰ হোৱাৰ আহ্বান জনাইছে।