/asomiyapratidin/media/media_files/2025/09/20/skm-20-2025-09-20-18-35-35.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত জুবিনৰ অনুৰাগীসকলে শনিবাৰে বিয়লি প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত বিচাৰি ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ অনুৰাগীসকলে এজাহাৰত উল্লেখ কৰা মতে জুবিন গাৰ্গক কেৱল নিজ স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে অসুখীয়া অৱস্থাত কোনো চিকিৎসকৰ পৰাৰ্মশ নোলোৱাকৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ছিংগাৰপুৰলৈ অসুখীয়া শিল্পীজনৰ প্ৰতি কোনো দায়িত্ব পালন নকৰি লৈ গৈছিল।
তাতেই অতি কৌশলগতভাৱে সাগৰত তেওঁক অসুস্থ দেহাৰেই সাগৰত নামিবলৈ এৰি দিয়াৰ ফলতেই শিল্পীগৰাকীয়ে মৃত্যুক আকোঁৱালি ল'ব লগা হয় বুলি অভিযোগ কৰিছে অনুৰাগীসকলে। তাৰোপৰি ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক তদন্তৰ আওতালৈ আনি ঘটনাৰ প্ৰকৃত ৰহস্য উদযাটন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই পাৰ্থ প্ৰতিম গগৈ, জিতু ডেকা, সঞ্জু নাথ, বিক্ৰম বৰুৱা, লকু গগৈ, ৰিপুন কলিতা, দিগন্ত দলেকে ধৰি প্ৰায় ১৮ গৰাকী অনুৰাগীয়ে লিখিতভাৱে ধেমাজি সদৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us