ডিজিটেল ডেস্কঃ কানো ক্রিষ্টেলেছ (Cano cristales) নদী প্রকৃতিৰ এক অতি সুন্দৰ নিদর্শন। কলম্বিয়াস্থিত এই নদীখনক 'ৰিভাৰ অৱ ফাইভ কালাৰ্ছ (River Of Five Colours) নাইবা 'লিকুইড ৰেইনব' (Liquid Rainbow) বুলি কোৱা হয়। কানো ক্রিষ্টেলেছ নদীখন গুৱায়াবৰো (guayaboro) নদীৰ এক উপনৈ।
১০০ কিঃমিঃ দৈর্ঘ্যযুক্ত এই নৈখন প্রায় ১.২ বিলিয়ন বছৰৰ আগৰ পৰাই দ্ৰুতবেগত বৈ আছে। নদীখনক অৰণ্য, বর্ষাৰণ্য, জোপোহা গছ-গছনি আদিৰে আৱৰি জৈৱ-বৈচিত্ৰৰ এক অনন্য পটভূমি কৰি ৰাখিছে। কানো ক্রিষ্টেল নদীখনৰ মুখ্য আকর্ষণ হৈছে ইয়াত উৎপন্ন হোৱা ভিন্ন ৰঙীন জলজ উদ্ভিদ, যাৰ নাম ৰাইনছ'লছিছ ক্লেভাইজৰা (Rhyncholacis Clavigera)/ কুমলীয়া অৱস্থাত গছড়ালৰ ৰং সেউজীয়া কিন্তু পৰিপক হোৱাৰ পিছত ইয়াৰ ৰং হালধীয়া, ৰঙা, গুলপীয়া ৰঙলৈ পৰিৱর্তিত হয়।
তদুপৰি নদীখনত হালধীয়া বৰণৰ প'ড'ষ্টেমেচী (podostemaceae) নীল-সেউজ ভেঁকুৰ আদি উদ্ভিদ পোৱা যায়। তদুপৰি নদীখনত ৪২০টা প্রজাতিৰ চৰাই ১০টা প্রজাতিৰ উভচৰ প্রাণী ৪৩টা সৰীসৃপ আৰু ৮টা প্রাইমেট পোৱাৰ লগতে নদীখনত বিভিন্ন প্রজাতিৰ মাছ, কাছ আৰু বিভিন্ন ধৰণৰ জল জীৱ আছে।
ইয়াৰ আকর্ষণীয় পাঁচটা ৰঙৰ বাবে এই নদীখন পৃথিবীৰ ভিতৰত এক বিখ্যাত নদী হৈ পৰিছে। জুন আৰু নৱেম্বৰ মাহত আটাইতকৈ উজ্জ্বল হোৱা এই কানো ক্রিষ্টেলেছ নদীখনে মাহ অনুসৰি ৰঙা, হালধীয়া, সেউজীয়া, নীলা আৰু ক'লা বৰণৰ খেলা দেখুৱাই পৃথিৱীৰ ভিতৰতেই এক সৌন্দর্যময় নদী হিচাপে পৰিগণিত হৈছে।