/asomiyapratidin/media/media_files/2025/11/22/whatsapp-image-2025-11-22-15-16-13.jpeg)
ডিজিটেল ডেস্কঃ ২০ নৱেম্বৰত ইন্টাছ ফাউণ্ডেচনৰ আপনা ঘৰ, গুৱাহাটীত ৰ’টাৰী ক্লাব অৱ গুৱাহাটী চাউথৰ আয়োজনে এটা কেঞ্চাৰ সচেতনতা আৰু প্ৰেৰণা দানমূলক অধিৱেশন আয়োজিত কৰে। অধিৱেশনৰ পৰিচালনা কৰে প্ৰফেছৰ মিনতি বৰঠাকুৰে। এগৰাকী খ্যাতনামা অসমীয়া শিক্ষাবিদ আৰু তিনিটা দশক ধৰি কেঞ্চাৰ ক্ষেত্ৰত অক্লান্তভাৱে কাম কৰি অহা এগৰাকী কেঞ্চাৰ যোদ্ধা। দুবাৰ কেঞ্চাৰ জয় কৰা প্ৰফেছৰ বৰঠাকুৰে নিজৰ জীৱনবোৰ কেঞ্চাৰ ৰোগীৰ মাজত জাগ্ৰত কৰা, আশা জগোৱা আৰু দৃঢ়তা সৃষ্টি কৰাত উৎসৰ্গা কৰিছে।
উল্লেখ্য যে অধিৱেশনত প্ৰিয়ামা গোস্বামী, ৰ’টাৰী ক্লাব অৱ গুৱাহাটী চাউথৰ সভাপতি, লগতে সংগঠনৰ অন্য জ্যেষ্ঠ সদস্যসকলো উপস্থিত থাকে। অধিৱেশন চলাকালত প্ৰফেছৰ মিনতি বৰঠাকুৰে নিজৰ জীৱনৰ যথেষ্ট অনুপ্ৰেৰণাদায়ক যাত্ৰাত ৰোগী আৰু যত্নকাৰীসকলৰ সৈতে ভাগ-বতৰা কৰে। যি কাহিনী সাহস, অৱিৰত সংগ্রাম আৰু দৃঢ় মনোবলৰ উদাহৰণ। চিকিৎসকে আশা হাৰ মাৰিছিল বুলি কৈছিল যদিও সেই সময়তো কেঞ্চাৰৰ দৰে কঠিন ৰোগৰ সৈতে যুঁজ চালাই বিজয়ী হয় তেওঁ । তেওঁৰ মতে- বিশ্বাস, ধনাত্মক মনোভাৱ আৰু দৃঢ় ইচ্ছাশক্তি আন ৰোগীৰ বাবে পথ প্ৰদৰ্শক হ'ল।
তাৰোপৰি কেঞ্চাৰক জয় কৰিবলৈ মানসিক শক্তি, ইচ্ছাশক্তি, আগতীয়া পৰীক্ষা আৰু আত্মনির্ধাৰণ অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁৰ উপস্থিতি আৰু কথাবোৰে উপস্থিত থকা ৰোগী আৰু যত্নকাৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু নতুন আশা জাগ্ৰত কৰে।
ৰ’টাৰী ক্লাবৰ জ্যেষ্ঠ সদস্যসকলেও ৰোগী আৰু যত্নকাৰীসকলৰ সৈতে কথা-বতৰা কৰি মানসিক সমৰ্থন যোগায়। অধিৱেশনৰ শেষত, ৰ’টাৰী ক্লাব অৱ গুৱাহাটী চাউথৰ উদ্যোগত সকলো অংশগ্ৰহণকাৰীৰ মাজত ফল-মূল আৰু বিস্কুট বিতৰণ কৰা হয় যাৰ জৰিয়তে ভাল-পাৱনি আৰু সমৰ্থনৰ বার্তা প্ৰদান কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us