/asomiyapratidin/media/media_files/2026/02/26/3-2026-02-26-17-24-58.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী। বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে। জাষ্টিন ট্ৰুডোৰ পাছত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী হিচাপে এয়া হ'ব মাৰ্ক কাৰ্ণীৰ প্ৰথমটো ভাৰত ভ্ৰমণ।
উল্লেখ্য যে- শুকুৰবাৰে মুম্বাইত উপস্থিত হ'ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী। মুম্বাইত উপস্থিত হোৱাৰ পাছতে মাৰ্ক কাৰ্ণীয়ে পৃথক পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি বিজ্ঞপ্তিত জানিবলৈ দিয়ে। তেওঁ ভাৰতীয় আৰু কানাডাৰ বিভিন্ন প্ৰতিষ্ঠানৰ চি ই অ', উদ্যোগ আৰু বিত্তীয় বিশেষজ্ঞ, উদ্ভাৱক, শিক্ষাবিদ আদিৰে মতবিনিময় কৰিব বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2-2026-02-26-17-26-04.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us