১২ ফেব্ৰুৱাৰীত ভাৰত বন্ধ ৰখাৰ আহ্বান দেশৰ ১০টা শ্ৰমিক সংগঠনৰ

১২ ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা ! বন্ধ ৰাখিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰি আন আন কাম- কাজ তথা অফিচ- কাছাৰী। যান- বাহন চলাচলো বন্ধ ৰখাৰ জনাইছে আহ্বান । 

author-image
Asomiya Pratidin
New Update
83

ডিজিটেল ডেস্ক : ১২ ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা ! বন্ধ ৰাখিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰি আন আন কাম- কাজ তথা অফিচ- কাছাৰী। যান- বাহন চলাচলো বন্ধ ৰখাৰ জনাইছে আহ্বান । 

কিয়নো উক্ত দিনটোত দেশৰ ১০ টা ট্ৰেড সংগঠনে ধৰ্মঘট কৰাৰ হুংকাৰ প্ৰদান কৰিছে। দেশজুৰি হ’ব লগা এই ধৰ্মঘটত অংশ ল’ব কোটিৰো অধিক শ্ৰমিকে। ইতিমধ্যে এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰিছে শ্ৰমিক সংগঠনকেইটাই।   

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী স্থিতি গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে দেশৰ ১০ টা ট্ৰেড ইউনিয়ন। সেয়ে সন্মিলিতভাৱে এই সংগঠনৰ নেতৃত্বই ১২ ফেব্ৰুৱাৰীৰ দিনটো ভাৰত বন্ধ ঘোষণা কৰি বিবৃতি ৰাজহুৱা কৰিছে।

উল্লেখযোগ্য যে, বন্ধ আহ্বান কৰা শ্ৰমিক সংগঠনকেইটা হৈছে- INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF আৰু UTUC।

শ্ৰমিক ভাৰত