/asomiyapratidin/media/media_files/2026/01/07/589-2026-01-07-18-03-16.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে অসম মেঘালয় সীমান্তৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বন্যহস্তী আৰু গঞাৰ মাজত সংঘাত বৃদ্ধি পাইছে । এই সংঘাতৰ ঘটনাত কৃষিজীৱী ৰাইজৰ লগতে সীমান্তৱৰ্তী গঞাই প্ৰাণৰ মমতাত নিদ্ৰাহৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
অঞ্চলটোত এই হাতী মানুহৰ সংঘাত বৃদ্ধিৰ মাজতে ৰাণী-জয়পুৰ-চানডুবি পথৰ হস্তীৰ দণ্ডীত চানডুবি, শুকুৰবেৰীয়া, কুলশী, বাৰেগাঁও, ৰাণী খামাৰ আদি বনভোজস্থলীলৈ অহা দৰ্শনাৰ্থী আৰু উদণ্ড বাইক চালকলৈ বিপদৰ আশংকা অহাৰ সম্ভাৱনীয়তাই দেখা দিছে। কিয়নো জৈৱ-বৈচিত্র্যৰ সমাহাৰ এই ক্ষেত্ৰসমূহলৈ বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থী তথা বনভোজকাৰীৰ আগমণ ঘটিছে।
তেনেক্ষেত্ৰত একাংশ দৰ্শনাৰ্থী তথা বনভোজকাৰীয়ে নিশালৈ অঞ্চলবোৰত কটাই ঘৰলৈ ওভোতাৰ পথত ৰাণী-জয়পুৰ-চানডুবি পথ সংলগ্ন চচ্চলপাৰা পথত ফুট গধূলিৰ পৰাই দেখা দিয়া বন্যহস্তীৰ আক্ৰমণত পৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। বিশেষকৈ চুবুৰীয়া মেঘালয় পাহাৰৰ জিৰাং, অসম মেঘালয় সীমাৰ ঘোঁৰাই গা ধোৱা জুলি, ৰাজা পথাৰ, শুকুৰবেৰীয়া, তিনিখুঁটি, কপিলী আদি বিভিন্ন ঠাইৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ সময়ে সময়ে ওলাই অহা আঠ-দহজনীয়া বন্যহস্তীৰ দলে অঞ্চলটোত উপদ্ৰৱ বৃদ্ধি কৰি আহিছে।
গতিকে খাদ্যৰ সন্ধানত হস্তী অহা-যোৱা কৰা এই গুৰুত্বপূৰ্ণ পথছোৱা এক প্ৰকাৰ বিপদজনক হৈ উঠিছে। ফলত দৰ্শনাৰ্থীৰ জীৱনলৈয়ো ভাবুকি আহিব বুলি ৰাইজে শংকা ব্যক্ত কৰি এই পথছোৱাত বনবিভাগৰ এক তহল গঢ়ি তুলিবলৈয়ো সচেতন লোকে দাবী উত্থাপন কৰিছে।
আনহাতে নিশালৈ একাংশ উদণ্ড বাইক চালকে এই অঞ্চলটোত বাইক চলাইও আন এক সন্ত্ৰাস সৃষ্টি কৰি আহিছে। গতিকে আৰক্ষী প্ৰশাসন তথা বনবিভাগক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সচেতন লোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us