/asomiyapratidin/media/media_files/2026/01/04/fsaasasa-2026-01-04-21-33-56.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ 'যোৱা বহু বছৰ ধৰি এই কেলেণ্ডাৰখনৰ যাত্রা মই খুব ওচৰৰ পৰা দেখি আহিছোঁ। বহু সময়ত ভাবোঁ এই যাত্রা আচলতে কেৱল এখন কেলেণ্ডাৰৰে যাত্রা নে? এইটো এক ধৈর্যৰ অনুশীলন, এক বিশ্বাসৰ যাত্রা। বর্তমান সময়ত বহু কাম আৰম্ভ হয়, কিন্তু কেইদিনমানৰ পাছতেই শেষ হৈ যায়, তেনে পৰিৱেশত এই কেলেণ্ডাৰৰ ধাৰাবাহিকতা নিজেই এটা ডাঙৰ কথা।' অসম গ্রন্থমেলা প্রাংগণৰ প্রফুল্ল গোবিন্দ বৰুৱা প্রেক্ষাগৃহত আয়োজিত সভাগৃহত প্রকাশন গোষ্ঠী 'ৰেইনছফট'-এ প্রকাশ কৰা 'উৎপল-ধনজিৎ কেলেণ্ডাৰ'ৰ অষ্টাদশ সংস্কৰণ উন্মোচন কৰি প্রসিদ্ধ অভিনেত্রী ডঃ গায়ত্রী মহন্তই এনেদৰে কয়।
উল্লেখযোগ্য যে, যোৱা সোতৰ বছৰ ধৰি এই কেলেণ্ডাৰ খনে লেখক, খেলুৱৈ, বিজ্ঞানী, ব্যবসায়ী, উদ্যোগপতি, শিল্পী, সমাজকর্মীক সন্মান জনাই আহিছে। প্রতি বছৰে ৪ জানুৱাৰী তাৰিখে কেলেণ্ডাৰখন উন্মোচন কৰা হয়। এই বছৰৰ কেলেণ্ডাৰত স্থান দিয়া হৈছে "তথ্য-জ্ঞানৰ মহাৰথী" শান্তনু কৌশিক বৰুৱাক। বৰুৱাৰ শততম গ্রন্থখন এই মাহতে প্রকাশ পাব।
ইফালে ভাষণ প্ৰসংগত শান্তনু কৌশিক বৰুৱাই কয়, 'মই অত দিনে কৰি অহা কামখিনি কোনোবাই যে নিৰীক্ষণ কৰি আছে ই তাৰে এক বিৰল স্বীকতি হিচাপে বিবেচনা কৰিছোঁ। এনে স্নেহ আৰু স্বীকৃতিয়ে কিবা কিবি কৰি থাকিবলৈ উৎসাহ যোগায়।'
আনহাতে, আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বিষয়া অৱনী বৰাই আঁত ধৰা এই সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে প্রসিদ্ধ শিল্পী বীৰেন সিংহই। তেওঁ কয় যে, 'কেলেণ্ডাৰ এখনক শৈল্পীক ৰূপ প্রদান কৰিছে ৰেইনচফটে। ১২টা মাহৰ পাছত সাধাৰণতে কেলেণ্ডাৰ এখনৰ ম্যাদ উকলি যায় বা পুৰণি হয়। কিন্তু উৎপল-ধনজিৎ কেলেণ্ডাৰ কোনোদিনে পুৰণি নহয়। এইখন সংৰক্ষিত হয়।'
তেওঁ লগতে কয়- 'এই কেলেণ্ডাৰ অকল এটা ব্যক্তিগত প্রতিষ্ঠানৰ পৰা দিয়া স্বীকৃতি নহয়, ই এটা সামাজিক স্বীকৃতিলৈ ৰূপান্তৰিত হৈছে। এই বিশেষত্বৰ বাবে এই কেলেণ্ডাৰত স্থান লাভ কৰাটোক এটা বিশেষ সম্মান হিচাপে গণ্য কৰা হয়।' ভাষণত তেওঁ এই ধাৰাবাহিক কামক প্রশংসা কৰে।
এই সভাত নয়ন প্রসাদ, অৱনীৰঞ্জন পাঠক, মিহিৰ দেউৰী, ধীৰাজ গোস্বামী, নম্রতা দত্ত, অলকা গোস্বামী আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। উল্লেখ্য যে ,এই ধাৰণাৰ প্রভাৱত আন বহু প্রকাশকেও এইধৰণৰ কেলেণ্ডাৰ প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। এয়া ইতিবাচক কথা হিচাপে বিবেচিত হৈছে। সভাত শান্তনু কৌশিক বৰুৱাব সহধর্মিনী প্রীতিমা কৌশিক বৰুৱাক সম্মান যাচে নম্রতা দত্ত আক পূৰবী চুতীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us