পশ্চিমবংগত দুৰ্গাপূজাৰ পেণ্ডেল দৰ্শনাৰ্থীৰ বাবে ন’ এন্ট্ৰী জ’নঃ কলকাতা উচ্চ ন্যায়ালয়

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ পশ্চিমবংগত দুৰ্গা পূজাৰ পেণ্ডেলসমূহ দৰ্শনাৰ্থীসকলৰ বাবে ন' এন্ট্ৰী জ'ন কৰা হৈছে। কালকাতা উচ্চ ন্যায়ালয়ে সোমবাৰে কয় যে- 'পেণ্ডেলসমূহৰ ভিতৰত উপস্থিত থাকিব পাৰিব কেৱল পূজাৰ আয়োজকসকল। কোৰোনা মহামাৰীৰ প্ৰতি দৃষ্টি ৰাখি বৃহৎ পেণ্ডেলসমূহৰ ক্ষেত্ৰত উপস্থিত থাকিব পৰা লোকৰ সংখ্যা ২৫ আৰু সৰু পেণ্ডেলসমূহৰ ক্ষেত্ৰত ১৫জন লোকহে উপস্থিত থাকিবলৈ অনুমতি প্ৰদান কৰা হৈছে।'

ইফালে, কলকাতা হাই কৰ্টৰ ডিভিজন বেঞ্চৰ তৰফৰ পৰা কোৱা হৈছে যে, সকলোবোৰ ডাঙৰ পেণ্ডেলৰ বাহিৰত ১০ মিটাৰ দূৰৈত বেৰিকেড লগাব লাগিব। আৰু সৰু পেণ্ডেলসমূহৰ পৰা ৫ মিটাৰ দূৰত্ব লগা লাগিব বেৰিকেড। লগতে কয় যে- কলকাতাত ইমান সংখ্যক আৰক্ষীৰ লোক নাই যে, ৩০০০ পেণ্ডেলত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ নিয়ন্ত্ৰণ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in