/asomiyapratidin/media/media_files/2025/01/26/bVg8Zydnel5WAOu44cjb.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেওবাৰে ’কানেক্ট ৫’ ৰ সৌজন্যত গুৱাহাটীৰ সুন্দৰপুৰস্থিত ’ডি কেভ’ ৰেষ্টুৰাত এখনি কেক বেকিং প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ উক্ত প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিযোগীৰ অংশগ্ৰহণৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
প্ৰতিযোগী সকলে বিভিন্ন স্বাস্থ্যসন্মত সামগ্ৰী অট্চ, মিলে্ট, পিঠাগুৰী ইত্যাদিৰ ব্যৱহাৰৰ উপৰিও অন্যান্য প্ৰাকৃতিক উপাদানৰে কেক্ সমূহ প্ৰস্তুত কৰিছিল ৷ প্ৰতিযোগিতা খনৰ বিচাৰক ৰূপে উপস্থিত আছিল বিশিষ্ট বেকিং তথা ৰন্ধন বিশেষজ্ঞ ক্ৰমে পাকিজা শইকীয়া, তানিয়া চক্ৰৱৰ্তী তথা প্ৰিয়াংকী কাকতী ৷ তদুপৰি বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল সমাজসেৱিকা শ্ৰীযুতা মীনাক্ষী দেৱী ৷
মুখ্য পৃষ্ঠপোষক ৰূপে উষা হোম এপ্লায়েনচে্চৰ সহযোগিতাৰ ওপৰিও অন্যান্য সহযোগী পৃষ্ঠপোষকতা আগবঢ়াইছিল সৃজনী, জেউতি জুৱেলচ্, মেহেক স্টুডিও, এচ.এম. চপ্চ তথা ডি কে্ভ ৰেষ্টুৰাই।প্ৰতিযোগিতা খনিত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে ক্ৰমে হিমাদ্ৰী ভৰদ্বাজ, সুস্মিতা দাস, মিতালী দাসে।
বিচাৰকৰ বিশেষ চয়নৰ বঁটা আগবঢ়োৱা হয় অনু ৰয়লৈ ৷ তদুপৰি “কানেক্ট ৫“ ৰ তৰফৰ পৰা উৎকৃষ্ট সোৱাদৰ বাবে ৰীতামণি দাসে লাভ কৰে এটি বিশেষ বঁটা ৷ প্ৰতিযোগিতাৰ অন্তত বিচাৰক মণ্ডলীৰ তৰফৰ পৰা প্ৰতিযোগীসকলৰ উদ্দেশ্যে বিবিধ বক্তব্য তথা দিহা পৰামৰ্শ আগবঢ়োৱা হয় ৷