কাছাৰৰ দিগৰখালত বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ

কাছাৰৰ দিগৰখালত বুজন পৰিমাণৰ মেঘালয়ৰ অবৈধ  সুৰা জব্দ কৰিছে আৰক্ষীয়ে। দিগৰখাল তালাচী চকীত নিয়মীয়া তালাচী চলোৱাৰ সময়ত জব্দ কৰে সুৰাখিনি।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,শিলচৰঃ  কাছাৰৰ দিগৰখালত বুজন পৰিমাণৰ মেঘালয়ৰ অবৈধ  সুৰা জব্দ কৰিছে আৰক্ষীয়ে। দিগৰখাল তালাচী চকীত নিয়মীয়া তালাচী চলোৱাৰ সময়ত জব্দ কৰে সুৰাখিনি। গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত আৰক্ষীয়ে মেঘালয়ৰ পৰা মিজোৰাম অভিমুখী এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে এই বুজন পৰিমাণৰ সুৰাখিনি। 

WhatsApp Image 2026-02-26 at 4.47.56 PM

উল্লেখ্য যে, ষ্টেচনাৰী সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা জব্দ কৰা হয় ৮১ কাৰ্টুন অবৈধ সুৰা। ষ্টেচনাৰী সামগ্ৰীৰ তলত লুকুৱাই অনা হৈছিল হৈছিল সুৰাৰ কাৰ্টুনখিনি। মুঠ ৮১৯ লিটাৰ সুৰা জব্দ কৰে বুলি জানিব পৰা গৈছে।ইপিনে জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা বুলি জানিব পৰা গৈছে। সুৰা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকৰ চালক কমৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। ধৃত কমৰুলৰ ঘৰ বদৰপুৰৰ‌ কান্দিৰগ্ৰামত।

WhatsApp Image 2026-02-26 at 4.47.07 PM

কাছাৰ