/asomiyapratidin/media/media_files/2025/11/23/8-2025-11-23-10-11-10.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত কাছাৰ আৰক্ষীৰ। শনিবাৰে শিলচৰ - হাফলং ৰাষ্ট্ৰীয় পথৰ বালাচেৰা টোল গেটৰ ওচৰত AS 12 AL- 9515 এখন বলেৰ' বাহনত তালাচী চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৬ টা চাবোনৰ বাকচ জব্দ কৰে।
তাৰোপৰি বাকচ কেইটাৰ পৰা মুঠ ৭২.৪ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত হেৰ'ইনখিনিৰবজাৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। শিলচৰৰ পৰা ডিমা হাচাওৰ দিশে গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে হেৰ'ইন খিনি।
উল্লেখ্য যে হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বলেৰ' খনৰ চালক বাহাৰুল ইছলামক আটক কৰে। ধৃত বাহাৰুল ইছলামৰ ঘৰ শোণিতপুৰ জিলাৰ তেজপুৰত ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us