/asomiyapratidin/media/media_files/2025/08/19/1-2025-08-19-17-23-14.jpg)
ডিজিটেল সংবাদ, শিলচৰ: যৌতুকৰ বাবে ৰাজ্যত পুনৰ বোৱাৰী হত্যাৰ ঘটনা সংঘটিত হৈছে। কাছাৰৰ কাটিগড়াত সংঘটিত হৈছে এই বৰ্বৰ ঘটনা। যৌতুকৰ দাবীত পত্নীক লাঠিৰে আক্ৰমণ কৰি হত্যা কৰিলে স্বামীয়ে।
কাছাৰৰ কাটিগড়া জগদীশপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ এই হত্যাকাণ্ড। মৃত বোৱাৰী গৰাকীৰ নাম ৰেশমা বেগম। জানিব পৰা মতে, ২০২১ চনত কাটিগড়াৰ জগদীশপুৰৰ ছমিৰ উদ্দিনৰ লগত বিবাহ হৈছিল ৰেশমা বেগমৰ।
বিয়াৰ পিছৰে পৰা স্বামী ছমিৰ উদ্দিনে যৌতুকৰ দাবীত ৰেশমা বেগমক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। আজি পুৱাও পুনৰ যৌতুকৰ দাবীত স্বামী ছমিৰ উদ্দিনে নিৰ্যাতন চলাই ৰেশমাক।
পত্নীক লাঠিৰে উপৰ্যুপৰি আক্ৰমণ চলাই স্বামী ছমিৰ উদ্দিনে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ৰেশমা বেগম নামৰ বোৱাৰী গৰাকীৰ। ইফালে ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে।
ইপিনে পত্নীক হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত হত্যাকাৰী স্বামী ছমিৰ উদ্দিনে। অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত মৃত বোৱাৰীৰ পৰিয়ালে কাটিগড়া আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ।