নেহৰু কলেজত ছাত্ৰক মাৰপিটঃ দোষীক গ্ৰেপ্তাৰৰ দাবীত কাছাৰত প্ৰতিবাদ...

মঙলবাৰে কলেজ খনৰ আদৰণি সভাৰ অনুষ্ঠানত সাধাৰণ কথাক লৈ দুজন ছাত্ৰক মাৰপিট কৰিছিল কলেজৰ আন কেইজন মান ছাত্ৰই। কলেজৰ বাহিৰ আৰু কলেজৰ কোঠাৰ ভিতৰত আৱদ্ধ কৰি ছাত্ৰ দুজনক মাৰপিট কৰা বুলি অভিযোগ উত্থাপন হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰ: কাছাৰৰ নেহৰু কলেজত নিশা উত্তপ্ত পৰিস্থিতি। মঙলবাৰে দুজন ছাত্ৰক আন এদল ছাত্ৰই মাৰপিট কৰাক কেন্দ্ৰ কৰি কলেজখনত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ‌ বাবে কলেজত কমাণ্ডো বাহিনী সহ বিশাল সংখ্যক আৰক্ষী মোতায়েন কৰিব লগা হয়।

Advertisment

মঙলবাৰে কলেজ খনৰ আদৰণি সভাৰ অনুষ্ঠানত সাধাৰণ কথাক লৈ দুজন ছাত্ৰক মাৰপিট কৰিছিল কলেজৰ আন কেইজন মান ছাত্ৰই। কলেজৰ বাহিৰ আৰু কলেজৰ কোঠাৰ ভিতৰত আৱদ্ধ কৰি ছাত্ৰ দুজনক মাৰপিট কৰা বুলি অভিযোগ উত্থাপন হয়।

 মাৰপিটৰ সময়ত দুজনমান কলেজৰ শিক্ষক আৰু অন্য কৰ্মচাৰীও উপস্থিত থকাৰ অভিযোগ কৰে ছাত্ৰ সকলে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় কিছন শৰ্মা আৰু নিশি সি‍ংহ। আনহাতে আহত ছাত্ৰ দ্বয়ক স্থানীয় হাস্পতালত ভৰ্তি কৰা হয়।

ইফালে, দোষী ছাত্ৰ কেইজনক গ্ৰেপ্তাৰৰ দাবীত বুধবাৰে গোটেই দিন প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে। দিনৰ ভাগত ছাত্ৰ-ছাত্ৰী সকলৰ দাবী পুৰণ নোহোৱাত সন্ধিয়া মনিপুৰী মৈৰা পাইবি সংগঠনৰ যথেষ্ট সংখ্যক মহিলা আৰু অন্য ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে প্ৰতিবাদত।

ঘেৰাও কৰি ৰখা হয় কলেজৰ অধ্যক্ষ সহ শিক্ষক-শিক্ষয়িত্ৰী সকলক। ইয়াৰ পিছত কলেজখনত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কলেজত কমাণ্ডো বাহিনী সহ বিশাল সংখ্যক আৰক্ষী মোতায়েন কৰা হয়।

চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি ২৪ ঘন্টাৰ ভিতৰত দোষী সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱা হ'ব বুলি কলেজৰ অধ্যক্ষই লিখিত প্ৰতিশ্ৰুতি দিয়াত সাময়িক ভাবে প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হয়। ২৪ ঘন্টাৰ ভিতৰত দোষীৰ বিৰুদ্ধে ব্যৱস্থা নল'লে পুনৰ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ছাত্ৰ-ছাত্ৰী সকলে। 

কাছাৰ