কাছাৰত জব্দ ১কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী, আটক তিনি সৰবৰাহকাৰী

কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ। ড্ৰাগছ বিক্ৰী কৰিবলৈ যোৱা তিনি জন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ'ইন।

author-image
Asomiya Pratidin
New Update
HJGHJGHGH

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ। ড্ৰাগছ বিক্ৰী কৰিবলৈ যোৱা তিনি জন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ'ইন। গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত লক্ষীপুৰ আৰক্ষীয়ে এক অভিযান চলাই হেৰ'খিনি জব্দ কৰে। লক্ষীপুৰৰ পয়লাপুলত অভিযান চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ১৫ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ২০১ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। চাৰিটা মোবাইল ফোনো জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মুল্য  ক'লা বজাৰত প্ৰায় ১কোটি টকা।

ইফালে, নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে তিনিজন মাৰ লোকক আটক কৰিছে। ইয়াৰে দুজনৰ ঘৰ লক্ষীপুৰৰ মাৰকুলিন আৰু আন জনৰ ঘৰ মনিপুৰৰ তামেঙলং জিলাৰ জিৰিবামৰ হাইথলত।  ধৃত ব্যক্তি কেইজন লক্ষীপুৰ মাৰকুলিনৰ লালৰিঙ থাঙ মাৰ আৰু বাৰজোনা মাৰ। তৃতীয় লোক জন মনিপুৰৰ তামেঙলং জিলাৰ জিৰিবামৰ হাইথলৰ লিনবৈ হাঙচাঙ বুলি আৰক্ষীয়ে সদৰী কৰিছে। এই সংক্ৰান্তত লক্ষীপুৰ থানাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে ধৃত তিনি জনক জেৰা অব্যাহত ৰাখিছে।

কাছাৰ