/asomiyapratidin/media/media_files/2025/08/26/cachar-26-2025-08-26-23-32-52.jpg)
ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। আজি লক্ষীপুৰ এলেকাত অভিযান চলাই আৰক্ষীয়ে এখন বাহনৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।
আৰক্ষী সূত্ৰই সদৰি কৰা মতে, গোপন তথ্যৰ ভিত্তিত সোণাই দিশৰ পৰা বিনাকান্দিলৈ গৈ থকা এখন TATA ACE বাহনত তালাচী চলায় আৰক্ষীয়ে। তালাচীৰ সময়ত বাহনখনৰ গোপন চেম্বাৰৰৰ পৰা ৩০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়।
বাকচ কেইটাৰ পৰা মুঠ ৪১৬ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ'ইনৰ মূল্য আনুমানিক ২.৮ কোটি টকা বুলি সদৰি কৰে সূত্ৰটোৱে। জব্দ কৰা হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল। নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন সৰবৰাহকাৰীক আটক কৰিছে।