কাছাৰ সীমান্তৱৰ্তী মেঘালয়ৰ ৰাতাচেৰাত ৫১ কোটি ১৩ লাখ টকাৰ ড্ৰাগছ জব্দ...

চুবুৰীয়া ৰাজ্য  মেঘালয়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। কাছাৰ জিলাৰ‌ সীমান্তৱৰ্তী ৰাতাছেৰাত  এন্টি নাৰ্কটিক টাস্ক ফ'ৰ্চ আৰু ইষ্ট জয়ন্তীয়া

author-image
Asomiya Pratidin
New Update
jdjdjd

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য  মেঘালয়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। কাছাৰ জিলাৰ‌ সীমান্তৱৰ্তী ৰাতাছেৰাত  এন্টি নাৰ্কটিক টাস্ক ফ'ৰ্চ আৰু ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষীয়ে যুটীয়া  অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। মিজোৰামৰ পৰা অহা ‍MZ01M- 8625 নম্বৰৰ টাটা চুম' বাহন খনত তালাচী চলাই আৰক্ষীয়ে দুগৰাকী যাত্ৰীৰ বেগৰ পৰা জব্দ কৰে ড্ৰাগছ খিনি।

আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, এগৰাকী মহিলা যাত্ৰীৰ পৰা হেৰ'ইন ভৰ্তি ১৯ টা চাবোনৰ বাকচ জব্দ কৰে।  চাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ২০৩.৭ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। আনহাতে,বাহন খনত থকা আন এজন যাত্ৰীৰ ট্ৰলি বেগৰ পৰা ১০.১৪৫ কেজি  মেথামফেটামাইন জব্দ কৰে আৰক্ষীয়ে।  

জব্দ কৰা হেৰ'ইন আৰু মেথাম ফেটামাইন খিনিৰ মুল্য ৫১কোটি ১৩ লাখ ২৪ হাজাৰ টকা।  ড্ৰাগছৰ বিৰুদ্ধে মেঘালয়ত এয়া সৰ্ব বৃহৎ সাফল্য‌ বুলি দাবী কৰিছে আৰক্ষীৰ‌ সুত্ৰ টোৱে। দুয়োগৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ‌ লগতে আৰক্ষীয়ে টাটা চুম'  সহ চালক জনক গ্ৰেপ্তাৰ কৰিছে।

কাছাৰ জিলা কাছাৰ আৰক্ষী