নিযুক্তিৰ পৰীক্ষাত গাফিলতি ! নিলম্বন হ'ল কাছাৰ কলেজৰ অধ্যক্ষ...

author-image
Asomiya Pratidin
New Update
নিযুক্তিৰ পৰীক্ষাত গাফিলতি ! নিলম্বন হ'ল কাছাৰ কলেজৰ অধ্যক্ষ...

cachar college

ডিজিটেল ডেস্কঃ চাকৰিৰ পৰা নিলম্বিত হ'ল কাছাৰ কলেজৰ অধ্যক্ষ। শেহতীয়াকৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তিৰ পৰীক্ষাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে অধ্যক্ষগৰাকীক নিলম্বিত কৰা হৈছে।

এক জাননীৰ জৰিয়তে উচ্চ শিক্ষা বিভাগে এই কথা ঘোষণা কৰিছে। নিলম্বিত অধ্যক্ষগৰাকীৰ নাম সিদ্ধাৰ্থ শংকৰ নাথ। উল্লেখ্য যে চতুৰ্থবৰ্গৰ নিযুক্তি পৰীক্ষাত গাফিলতি কৰাৰ অভিযোগত অভিযুক্ত সিদ্ধাৰ্থ শংকৰ নাথক প্ৰথমে কাছাৰ আৰক্ষীয়ে আটক কৰিছিল।

পৰৱৰ্তী সময়ত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগেও নিজাববীয়াকৈ সমগ্ৰ বিষয়টো তদন্ত কৰিছিল। বিভাগৰ সঞ্চালকে গোটেই বিষয়টোৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল। সেই তদন্তৰ অন্ততে সাময়িক ভাৱে চাকৰিৰ পৰা নিলম্বন কৰাৰ হৈছে অধ্যক্ষগৰাকীক।

cachar college sidhartha sankar nath