/asomiyapratidin/media/media_files/2025/12/07/ujjjdd-2025-12-07-21-44-44.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। কেবিনেটত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হয়।
১. শিলচৰৰ দলু চাহ বাগিচাত নিৰ্মাণ হ’ব গ্রীণ ফিল্ড এয়াৰপোৰ্ট। বিমান বন্দৰ প্রাধিকৰণক ৩ হাজাৰ বিঘা ভূমি আবণ্টন চৰকাৰৰ। কম সময়ৰ ভিতৰতে কেন্দ্রীয় চৰকাৰৰ কেবিনেটে এই প্রকল্পত দিব অনুমোদন।
২. মিছন বসুন্ধৰাৰ জৰিয়তে ১২০০ পৰিয়ালক ভূমি আবণ্টনৰ সিদ্ধান্ত।
৩. আছাম ল’জিষ্টিক এণ্ড ৱেৰ হাউছিং পলিচি-২০২৫ত অনুমোদন।
৪. অসম অভিযান্তিক মহাবিদ্যালয়ত নতুন প্রকল্প নিৰ্মাণৰ অনুমোদন। ২৪৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব এই প্রকল্প।
৫. ডিমা হাছাওৰ ৮৮৪টা পৰিয়াললৈ চৰকাৰী পুঁজি প্রদানত অনুমোদন। চাৰিলেনযুক্ত পথৰ বাবে ভূমি আবণ্টনৰ ধন পাবলৈ বাকী আছিল পৰিয়ালকেইটাই।
৬. কাৰ্বি আংলঙত ৩৩৫কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব নতুন সৈনিক স্কুল।
৭. অসম বুৰঞ্জী আৰু ভূগোল বিষয় বাধত্যামূলক হ’ব পাঠ্যক্রমত। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণীৰ বাবে হ’ব এই পাঠ্যক্রম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us