New Update
/asomiyapratidin/media/media_files/2025/05/28/5B7rKY9MTboTBmt2axUP.jpeg)
কেবিনেটৰ সিদ্ধান্ত
- কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
- মুখ্যমন্ত্রীয়ে মুকলি কৰে ‘শ্রদ্ধাঞ্জলি আঁচনি’।
- বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ লোকৰ বাবে এই আঁচনি।
- বহিঃৰাজ্যত মৃত্যু হ’লে সন্মান সহকাৰে স্বগৃহলৈ ঘূৰাই আনিব নশ্বৰদেহ।
- আৰ্থিকভাৱে সবল লোকৰ ক্ষেত্রত প্রযোজ্য নহ’ব এই আঁচনি।
- বাহিৰত চিকিৎসা কৰি মৃত্যু হোৱা লোকৰ ক্ষেত্রতো নহ’ব প্রযোজ্য।
- এই আঁচনিৰ বাবে মুখ্য সচিব অথবা মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ সৈতে খবৰ কৰিব পাৰিব।
- সেৱা সেতু পৰ্টেলযোগেও যোগাযোগ কৰি নশ্বৰদেহ আনিব পাৰিব।
- দুৰ্ঘটনা বা হত্যাৰ বলি হ’লে যি আইনগত সহায় লাগে অসম আৰক্ষীয়ে কৰিব।
- প্রয়োজনত ৰাজ্যৰ বাহিৰলৈ জোৱানসকল গৈ সহায় কৰিব।
- তামিলনাডুত মৃত্যু হোৱা ৯ গৰাকী শ্রমিকৰ মৃতদেহ ঘূৰাই অনা হৈছে।
- নিহতসকলৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰা হৈছে।
- ইণ্ডাষ্ট্রী ৪.Oৰ বাবে প্রশিক্ষণৰ ক্ষেত্রত ১৬ হাজাৰ টকাৰ পৰা ১২ হাজাৰ টকালৈ হ্রাস।
- ৫৬৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব শিলচৰত এলিভেটেড কৰিড’ৰ।
- ২২০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব GMCHৰ নতুন গৃহ।
- বাহিৰত কাম কৰি থকা অসমৰ লোকসকলৰ বাবে আজিৰ কেবিনেটে দিছে ভাল খবৰ।
- অসমৰ মেডিকেল কলেজত এতিয়াৰে পৰা পঢ়িব পাৰিব তেওঁলোকৰ সন্তানে।
- অৰুণাচল প্রদেশৰ মৰাণ জনগোষ্ঠীৰ লোকৰ সন্তানেও অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব।
- তেওঁলোকে লাভ কৰিছে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ।
- বিনামূলীয়া নামভৰ্তিৰ বাবে স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়ক ১২৬কোটি টকা প্রদান।
- মঙলবাৰৰ পৰা ৰাজ্যৰ ৩০ লাখ লোকক প্রদান কৰিব অৰুণোদয় আঁচনি।
- বেংক সখী জীৱিকা সখীকো প্রদান কৰিব অৰুণোদয় আঁচনি।
- ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ইউনিফাইড পেঞ্চন স্কীম প্রদান।
- কৰ্মচাৰীয়ে এবছৰৰ ভিতৰত সিদ্ধান্ত ল’ব পাৰিব NPS ল’ব নে UPS।
- ধুবুৰী আৰু দক্ষিণ শালমৰাত কাম কৰি থকা শিক্ষয়িত্ৰীসকলৈ সুখবৰ।
- ৫ বছৰ ধৰি কাম কৰি থকা শিক্ষয়িত্রীক গৃহ জিলালৈ বদলিৰ সিদ্ধান্ত।
- সৰ্বশিক্ষাত ৩ বছৰ ধৰি চাকৰি কৰাসকলক চৰকাৰী শিক্ষক হিচাপে নিযুক্তি।