/asomiyapratidin/media/media_files/2025/08/08/cabinet-8-2025-08-08-19-58-25.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰিসভাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিত অনুমোদন প্ৰদান কৰে। ইয়াৰ ভিতৰত ঘৰুৱা এল.পি.জি.ৰ ক্ষতিপূৰণ, উজ্জ্বলা উপভোক্তাসকলক টাৰ্গেটেড চাবচিডী, প্ৰযুক্তিগত শিক্ষা উন্নীতকৰণৰ MERITE আঁচনি আৰু অসমৰ বাবে বিশেষ উন্নয়ন পেকেজ (SDPs) উল্লেখযোগ্য।
উজ্জ্বলা উপভোক্তাসকলৰ বাবে ১২,০০০ কোটি টকাৰ চাবচিডী
২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (PMUY)-ৰ উপভোক্তাসকলক ১৪.২ কেজিৰ গেছ চিলিণ্ডাৰ প্রতিটোতে ৩০০ টকাৰ চাবচিডী অনুমোদন কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে ১২,০০০ কোটি টকাৰ ব্যয় কৰিব আৰু এই ধনত অনুমোদন জনাইছে।
এল.পি.জি. OMC-সমূহক ৩০,০০০ কোটি টকাৰ ক্ষতিপূৰণ
IOCL, BPCL, HPCL আদি ৰাজহুৱা খণ্ডৰ তৈল সংস্থাসমূহে ঘৰুৱা এল.পি.জি. বিক্ৰীৰ বাবদ যি ক্ষতিৰ সন্মুখীন হৈছে, তাৰ ক্ষতিপূৰণ হিচাপে কেন্দ্ৰীয় চৰকাৰে ৩০,০০০ কোটি টকা মঞ্জুৰি দিয়ে। এই ধন ১২টো কিস্তিত প্রদান কৰা হ'ব।
MERITE আঁচনি: প্ৰযুক্তিগত শিক্ষাত উন্নয়ন
‘Multidisciplinary Education and Research Improvement in Technical Education’ (MERITE) নামৰ আঁচনি ২৭৫টা প্ৰযুক্তিগত প্ৰতিষ্ঠানত (১৭৫টা ইঞ্জিনিয়াৰিং আৰু ১০০টা পলিটেকনিক) প্ৰয়োগ কৰা হ’ব। ২০২৫-২৬ৰ পৰা ২০২৯-৩০ পৰ্যন্ত ৪,২০০ কোটি টকাৰ বাজেটৰে এই আঁচনিৰ অন্তৰ্গত বিশ্ব বেংকৰ পৰা ২,১০০ কোটি টকা ঋণ হিচাপে লাভ কৰিব। ইয়াৰ ফলত প্ৰায় ৭.৫ লাখ শিক্ষাৰ্থী লাভবান হ’ব।
অসম আৰু ত্ৰিপুৰাৰ বাবে ৪,২৫০ কোটি টকাৰ উন্নয়ন পেকেজ
অসম আৰু ত্ৰিপুৰাৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় খণ্ড আঁচনিৰ বিশেষ উন্নয়ন পেকেজৰ (এছডিপি) আঁচনিৰ অধীনত মুঠ ৪,২৫০ কোটি টকা ব্যয়ৰে চাৰিটা নতুন উপাদানত মন্ত্ৰীসভাই অনুমোদন জনায়।
তামিলনাডুত ৪-লেনৰ মাৰক্কানাম-পুদুচ্চেৰী ৰাস্তা
৪৬ কিমি দীঘল মাৰক্কানাম–পুদুচ্চেৰী ৪-লেন হাইৱে' নিৰ্মাণৰ প্ৰস্তাৱো মঞ্জুৰি লাভ কৰিছে আজিৰ কেবিনেটত। এই প্ৰকল্প Hybrid Annuity Mode (HAM)-ত ২,১৫৭ কোটি টকাৰ ব্যয়ত উন্নয়ন কৰা হ'ব।