সত্র আয়োগ গঠনত অনুমোদন ৰাজ্যিক কেবিনেটৰ

আজিৰ এই কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে ৰাজহুৱা কৰে। আজিৰ কেবিনেটত লোৱা এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে- সত্র আয়োগ গঠনত অনুমোদন।

author-image
Asomiya Pratidin
New Update
542

ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত অনাগত দিনৰ উন্নয়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

আজিৰ এই কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে ৰাজহুৱা কৰে। আজিৰ কেবিনেটত লোৱা এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে- সত্র আয়োগ গঠনত অনুমোদন। 

উল্লেখযোগ্য যে, সত্রৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে থকা পৰামৰ্শ মৰ্মে কেবিনেটে আজি ইয়াক লৈ আলোচনা কৰে। এই সম্পৰ্কত মুখ্যমন্ত্ৰীসহিতে কেবিনেট মন্ত্ৰীসকলে এক আলোচনাও কৰে। মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি সত্র আয়োগৰ অধ্যক্ষৰ দায়িত্বত থাকিব এগৰাকী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ।

একেদৰে ৰাজহ আইন সম্পৰ্কীয় জ্ঞান থকা এগৰাকী অৱসৰপ্রাপ্ত বিষয়াও থাকিব এই আয়োগত। লগতে সত্রসমূহৰ পৰা দুগৰাকী সত্রাধিকাৰ চৰকাৰে মনোনীত কৰিব।

জিলা আয়ুক্তসকলে সত্রৰ মাটি-বাৰীৰ ওপৰত দিয়া ৰায়ক এই আয়োগত আবেদন কৰিব পাৰিব বুলি জনায়। লগতে ইয়াকো উল্লেখ কৰে যে, সত্র আয়োগে নিজাকৈ তদন্ত কৰি ব্যৱস্থা ল’বলৈ জিলা আয়ুক্ত, ৰাজ্য চৰকাৰক নিৰ্দেশ দিব পাৰিব। তদুপৰি এই সত্র আয়োগৰ নিজা পুঁজিও থাকিব।

WhatsApp Image 2025-10-16 at 11.30.14 PM

অসম কেবিনেট কেবিনেট