বিনিয়োগ, আন্তঃধৰ্মীয় ভূমি হস্তান্তৰ, কণী উৎপাদন,ঝুমইৰ শিল্পীলৈ আৰ্থিক সন্মানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত

ৰাজ্যিক কেবিনেটৰ বৈঠকত আজি বিনিয়োগ, ভূমি হস্তান্তৰ, শিল্পীলৈ বিত্তীয় সন্মান, বাণিজ্যিক লেয়াৰ ফাৰ্মকে ধৰি বহু কেইটা বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

author-image
Tushar Pratim
New Update
বিনিয়োগ, আন্তঃধৰ্মীয় ভূমি হস্তান্তৰ, কণী উৎপাদন,ঝুমইৰ শিল্পীলৈ আৰ্থিক সন্মানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত

ডিজিটেল ডেস্কঃমুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত আজি বিনিয়োগ, ভূমি হস্তান্তৰ, শিল্পীলৈ বিত্তীয় সন্মান, বাণিজ্যিক লেয়াৰ ফাৰ্মকে ধৰি বহু কেইটা বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজহুৱা কৰিছে কেবিনেটৰ সিদ্ধান্তসমূহ। 

Advertisment

সেই অনুসৰি অসমত বিনিয়োগক উৎসাহ দিবৰ বাবে গেছ, স্বাস্থ্য, পৰ্যটন, আতিথ্য খণ্ডৰ চাৰি বিনিয়োগকাৰী প্ৰতিষ্ঠানক আই আই পি এ ২০১৯ ৰ অধীনত অনুকুলিত উদগনিত অনুমোদন জনাইছে। ৪ বিনিয়োগকাৰীয়ে সৰ্বমুঠ ৯৬৯ কোটি টকা বিনিয়োগ কৰিব আৰু ২,৭০০ ৰো অধিক যুৱক-যুৱতীক নিযুক্তিৰ সুবিধা প্ৰদান কৰিব। 

ঝুমইৰ বিনন্দিনীৰ শিল্পী, কলা-কুশলীলৈ বিত্তীয় সন্মান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি কেবিনেটে এই সন্মান ১২ অক্টোবৰ ২০২৫ ত বিতৰণৰ দিন ঠিক কৰে। অসম গছপুলি ৰোপণ আৰু শস্য উন্নয়ন নিগম লিমিটেডৰ কৰ্মচাৰীসকলৰ ভি আৰ এছ আৰু ইয়াৰ বন্ধকৰণৰ বাবেও আজিৰ কেবিনেটে অনুমোদন জনাইছে। 

আন্তঃ ধৰ্মীয় ভূমি হস্তান্তৰৰ ক্ষেত্ৰতো আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। আন্তঃধৰ্মীয় ভূমি হস্তান্তৰৰ ক্ষেত্ৰত স্থাৱৰ সম্পত্তি হস্তান্তৰৰ অনুমতি প্ৰদানৰ পদ্ধতি সুশৃংখলিতকৰণৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই প্ৰক্ৰিয়াৰ সৰলীকৰণে প্ৰৱঞ্চনামূলক, জোৰ-জবৰদস্তি বা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পৰা অবৈধ ভূমিৰ হস্তান্তৰ ৰোধ কৰিব। ইয়াৰ জৰিয়তে সমতা আৰু বৈষম্যহীন সাংবিধানিক নীতিসমূহ মানি চলা দিশটো সুনিশ্চিত হ’ব।

আনহাতে আজিৰ কেবিনেটে গোলাঘাটৰ দেৰগাঁৱত নৰ্থ-ইষ্ট-এগ্ৰ’ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছৰ দ্বাৰা বাহুবলী কণী উৎপাদনৰ বাবে বাণিজ্যিক লেয়াৰ ফাৰ্ম স্থাপনত অনুমোদন জনাইছে। এই ফাৰ্মখনত প্ৰায় ২০-৩০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব। তাৰোপৰি এই ফাৰ্মখনে প্ৰায় ৭০০ লোকৰ বাবে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে নিযুক্তিৰ পথ মুকলি কৰিব। 

ড০ হিমন্ত বিশ্ব শৰ্মা অসম কেবিনেট কেবিনেট