Advertisment

পান-2 প্ৰৱৰ্তনত কেন্দ্ৰীয় চৰকাৰৰ অনমোদন...

পান-2 প্ৰৱৰ্তন হ'লে সেয়া হ'ব চাইবাৰ ছিকিউৰিটি দিশত সুৰক্ষিত। বিভিন্ন ব্যৱসায়ীক ক্ষেত্ৰত সহজ সেৱা উপলব্ধকে ধৰি আন সুবিধাযু্ক্ত। অৱশ্যে পূৰ্বৰ পান কাৰ্ডৰ অধিকাৰী সকলে ইয়াৰ বাবৈে নতুনকৈ কোনো আৱেদন কৰিব নালাগে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ কেবিনেট কমিটি অন ইক'নমিক এফেয়াৰ্ছে পাৰমানেন্ট একাউন্ট নম্বৰ চমুকৈ পানৰ দ্বিতীয় সংস্কৰণ প্ৰৱৰ্তন কৰিবলৈ অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকতে কৃষি,ৰেলৱে,শিক্ষা আৰু গ্ৰীণ এনাৰ্জী সৰ্বমুঠ ২২৮৪৭ কোটি টকীয়া প্ৰকল্পটো অনুমোদন জনায়।

Advertisment

পান-2 প্ৰৱৰ্তন হ'লে সেয়া হ'ব চাইবাৰ ছিকিউৰিটি দিশত সুৰক্ষিত। বিভিন্ন ব্যৱসায়ীক ক্ষেত্ৰত সহজ সেৱা উপলব্ধকে ধৰি আন সুবিধাযু্ক্ত। অৱশ্যে পূৰ্বৰ পান কাৰ্ডৰ অধিকাৰী সকলে ইয়াৰ বাবৈে নতুনকৈ কোনো আৱেদন কৰিব নালাগে। 

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা জানিব দি কয়, এই ব্যৱস্থা সম্পূৰ্ণ আধুনিক তথ্য প্ৰযুক্তিযুক্ত হব আৰু দেশৰ মধ্যবৃত্ত শ্ৰেণীৰ বাবে উপযুক্ত হ'ব। বাণিজ্যিক কাৰ্যকলাপত পান-2 ৰ জৰিয়তে আগবঢ়োৱা সেৱা কোনো লোকৰ ব্যৱসায়ীক পৰিচয়ো হ'ব।

ইয়াত এজন লোকৰ বাবে এটা পান কাৰ্ডৰ চিনাক্তৰ চাহিদাও পূৰণ কৰিব। নতুন পান কাৰ্ড সমূহত একোটাকৈ কিউ আৰ কডো সংযুক্ত কৰা হ'ব।

পান-2