ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মিছন বসুন্ধৰাৰ পৰা অসম ভৱনৰ কৰ্মচাৰীলৈ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ শনিবাৰে জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অসম ভৱন মুম্বাইত কৰ্মৰত ৮গৰাকী কৰ্মীক ফিক্স পে’ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, উত্তৰ কাছাৰ আদিৰ ৰাজপথ উন্নয়নৰ বাবে ১১৫ কোটি টকা নাবাৰ্ডৰ পৰা লোৱাৰ বাবে অনুমোদন দিয়ে। 

605536698_1534344788052532_2891220701832515249_n

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত মাটিৰ পট্টা প্রদানত অনুমোদন। মিছন বসুন্ধৰাৰ অধীনত ৯০০টা পৰিয়ালক দিয়া হ’ব মাটিৰ পট্টা। লগতে তিৰুপতি তিৰুমালা মন্দিৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন। ইপিনে সোণাপুৰৰ পাণবাৰী মৌজাৰ আমেৰিগোগত ৩১বিঘা ১কঠা ২ লেচা মাটি আবণ্টন। অসম আৰক্ষীৰ AB আৰু UBৰ মেনুৱেলত নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে পদোন্নতিৰ ক্ষেত্রত দিব পাৰিব পৰীক্ষা। 

605536698_1534344788052532_2891220701832515249_n

কেবিনেট বৈঠক কেবিনেট সিদ্ধান্ত