শিৱসাগৰত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

বিজেপিৰ নেতৃত্বাধীন চৰকাৰে বাংলাদেশ, নেপাল আদি দেশৰ লোকক ভাৰতত নাগৰিকত্ব প্ৰদানৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে শিৱসাগৰ ৷

author-image
Asomiya Pratidin
New Update
DSDFGTXASXS

ডিজিটেল সংবাদ, শিৱসাগৰঃ বিজেপিৰ নেতৃত্বাধীন চৰকাৰে বাংলাদেশ, নেপাল আদি দেশৰ লোকক ভাৰতত নাগৰিকত্ব প্ৰদানৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে শিৱসাগৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিৱসাগৰত জাতীয় সংগঠন সমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতি ধবংসৰ স্বাৰ্থত বিদেশীৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন কৰে ৷ চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সকলে বিদেশীৰ বোজা নলয় বুলি হুংকাৰ দিয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে হিন্দু বাংলাদেশী আৰু নেপালীক নাগৰিকত্ব দি জাতি ধবংস কৰিব বিচাৰিছে বুলি উল্লেখ কৰে অসমীয়া যুৱ মঞ্চই ৷

WhatsApp Image 2025-09-09 at 1.23.23 PM

‘কা" ৰ বিৰুদ্ধে আজি শিৱসাগৰ দ’লমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ বহু সংখ্যক কৰ্মী তথা বিষয়ববীয়াই ‘কা’ বাতিল কৰক , বিজেপি চৰকাৰ হায় হায়, ‘কা’ আমি নামানো আদি শ্ল’গান দি উত্তাল কৰে দ’লমুখ চাৰিআলি । কেৱল ভোট লাভৰ স্বাৰ্থতে চৰকাৰে ‘কা’ ৰ অধীনত হিন্দু বাংলাদেশী সহিতে কেইবাখনো দেশৰ বিদেশী লোকক স্বদেশী কৰাৰ পদক্ষেপ লোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈয়ে।

WhatsApp Image 2025-09-09 at 1.23.25 PM

কেৱল সন্দেহজনক মিঞা খেদিলেই নহ'ব , আন আন ধৰ্মাৱলম্বী অবৈধ বিদেশীকো বিতাড়নৰ কৰিব লাগিব- এই দাবী অসমীয়া যুৱ মঞ্চৰ । মিঞাৰ বিৰুদ্ধে সৰৱ হোৱা সকলক হিন্দু বাংলাদেশীৰ বিৰুদ্ধেও প্ৰতিবাদ কৰাৰ আহ্বান জনায় সংগঠনটোৱে৷

নাগৰিকত্ব সংশোধনী আইন