/asomiyapratidin/media/media_files/2025/09/06/268-2025-09-06-18-13-24.jpg)
ডিজিটেল সংবাদ, বোকাখাত : কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী কা' আইনৰ অধীনত ইমিগ্ৰেচন আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ অধিসূচনাৰ জৰিয়তে ২০২৪ চনৰ ৩১ ডিচেম্বৰ লৈকে বিদেশীক নাগৰিকত্ব দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বোকাখাতৰ মাজমজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
জাতীয়তাবাদৰ নামত ভণ্ডামি কৰা অতুল বৰা হুচিয়াৰ, নৰেন্দ্ৰ মোডী হুচিয়াৰ, হিমন্তবিশ্ব শৰ্মা হুচিয়াৰ আদি শ্লগানেৰে উত্তাল কৰি তোলা হয় বোকাখাতৰ মাজ মজিয়া। প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিন্তু গগৈয়ে কয় - ইমিগ্ৰেচন আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ অধিসূচনাৰ জৰিয়তে ২০২৪ চনৰ ৩১ ডিচেম্বৰ লৈকে বিদেশীক নাগৰিকত্ব দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জোৰদাৰ প্ৰতিবাদ অব্যাহত আছে আৰু অধিক জোৰদাৰ ৰূপত অব্যাহত থাকিব।
লগতে ছাত্ৰ নেতা গৰাকীয়ে প্ৰশ্ন কৰে যে কেৱল বিদেশীক সংস্থাপন দিবৰ কাৰণে আৰু অসমৰ পৰা সম্পদ লুণ্ঠন কৰিবৰ কাৰণেহে কেন্দ্ৰীয় চৰকাৰে অসমখন ভাৰতৰ অংগ কৰি ৰাখিছে নেকি ? লগতে কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদ আৰু ভূমিৰ ওপৰত অসমৰ মানুহক অধিকাৰ প্ৰদান নকৰা, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰা, অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নকৰা আদিক লৈও সজোৰে প্ৰশ্ন কৰে ছাত্ৰ নেতাগৰাকীয়ে।
উল্লেখযোগ্য যে শনিবাৰৰ বোকাখাতৰ প্ৰতিবাদস্থলিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে উপস্থিত থাকে কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ কৰ্মকৰ্তাসকল।