উচ্চতম ন্যায়ালয়ত ‘কা’ গোচৰৰ শুনানিঃ কি হ’ল, সৱিশেষ…

উচ্চতম ন্যায়ালয়ত ‘কা’ গোচৰৰ শুনানিঃ কি হ’ল, সৱিশেষ…
  • দুসপ্তাহৰ পাছতে পুনৰ 'কা'সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি হোৱাৰ সম্ভাৱনা।
  • বুধবাৰৰ পুৱাৰ পৰা উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছিল শুনানি।
  • কেন্দ্ৰীয় চৰকাৰৰ মতামত নুশুনাকৈ উচ্চতম ন্যায়ালয়ে জাৰি নকৰে কোনো স্থগিতাদেশ।
  • উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ সন্দৰ্ভত উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰয়োজন হ'ব অধিক সময়।
  • 'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা ১৪৪ খন আবেদনৰ ভিতৰত ৬০ খন আবেদনৰহে প্ৰতিলিপি পাইছে চৰকাৰে।
  • অসমৰ সন্দৰ্ভত শপতনামা দাখিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰয়োজন হ'ব দুসপ্তাহ সময়ৰ।
  • ন্যায়ালয়ক এই কথা অৱগত কৰিলে এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে।
  • উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নতুন আবেদন দাখিলৰ বাবে নিৰ্দেশ জাৰি কৰিছে।
  • ৪ সপ্তাহৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰা আবেদন সমূহৰ উত্তৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে।
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত চলি থকা শুনানিতো বাধা উচ্চতম ন্যায়ালয়ৰ।
  • অসম আৰু ত্ৰিপুৰাৰ বিষয়টো পৃথকভাৱে বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে।
  • উচ্চতম ন্যায়ালয়ত এই শুনানিৰ সময়ত যথেষ্ট ভিৰ দেখা গৈছিল।
  • যাৰ বাবে শুনানি কক্ষৰ ৩ খন দুৱাৰ খুলি দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল।
  • মুখ্য ন্যায়াধীশ এ এছ বোবডেৰ অধ্যক্ষতাত তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিছিল।
  • অত্যাধিক ভিৰৰ বাবে শুনানি পৰ্বত সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছিল।
  • এই সন্দৰ্ভত এটৰ্ণী জেনেৰেল গৰাকীয়ে কৈছিল যে ভিৰৰ বাবে অধিবক্তাই আদালতৰ ভিতৰত প্ৰৱেশ কৰিব পৰা নাছিল।
  • পৰৱৰ্তী শুনানিকালত যাতে এনে ভিৰ নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ ন্যায়ালয়ক আবেদন জনাইছিল।
  • ভিৰ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীকো মাতিব লগা হৈছিল।
  • মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত মন্তব্য কৰি কৈছিল- ১৪৪ খন আবেদনকাৰীৰ সকলোৱে ন্যায়ালয়লৈ অহাৰ প্ৰয়োজন নাই।সকলোৰে সৈতে আলোচনাত বহিব।
  • কপিল চিবালে প্ৰথমতে আহ্বান জনাইছিল যে এই আবেদনসমূহ সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰা হব নে নহয় তাৰ সিদ্ধান্ত লোৱা হওক।
  • অভিষেক মনু সিংভীয়ে ন্যায়ালয়ক জনালে যে নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।
  • উত্তৰ প্ৰদেশত ৩০ হাজাৰ লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ নিৰ্বাচিত কৰা হৈছে।
  • মুখ্য ন্যায়াধীশে জনালে- বৰ্তমান আমি চৰকাৰক অস্থায়ী নাগৰিকত্ব প্ৰদানৰ কথা কৈছো।
  • এক পক্ষীয়ভাৱে আমি এই আইনৰ ওপৰত বাধা আৰোপ কৰিব নোৱাৰো।
  • অসমৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা হ'ল এই শুনানি কালত।
  • এটৰ্ণী জেনেৰেলে ন্যায়ালয়ক ক'লে- যদি কোনো লোকে এই ধৰণে পৃথকভাৱে বাধা আৰোপ কৰাটো বিচাৰে তেনেহ'লে পৃথককৈ আবেদন দাখিল কৰক।
  • অসমৰ অবৈধ বাংলাদেশীৰ বিষয়টোৱে স্থান পালে এই শুনানিকালত।
  • ৰাজ্যখনত থকা অবৈধ বাংলাদেশীৰ আধা হিন্দু আৰু আধা মুছলমান।
  • ৪০ লক্ষাধিক বাংলাদেশী আছে অসমত।
  • ইয়াৰে আধা সংখ্যকে নাগৰিকত্ব পালে সলনি হৈ যাব অসমৰ জন গাঁথনি।
  • সেয়েহে চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আদালতক অৱগত কৰিলে অধিবক্তা বিকাশ সিঙে।
  • উচ্চতম ন্যায়ালয়ে সকলো বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰলৈ জাৰি কৰে নিৰ্দেশ।
  • ন্যায়ালয়ে এই কথাও স্পষ্ট কৰি দিলে যে অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত এয়া পৃথক হ'ব।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in