নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি, LIVE UPDATES

নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি, LIVE UPDATES

author-image
asomiyapratidin
New Update
সাধাৰণ শ্ৰেণাীৰ ১০ শতাংশ সংৰক্ষণক লৈ কেন্দ্ৰক ন্যায়ালয়ৰ জাননী

ফাইল ফটো

১১.৩৫ বজাতঃ 'কা'ক লৈ দেশৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত হৈ থকা শুনানিত বাধা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। এতিয়া কেৱল উচ্চতম ন্যায়ালয়তে গ্ৰহণ কৰা হ'ব নাগৰিকত্ব সংশোধনী আইন গোচৰৰ শুনানি।

Advertisment

১১.৩২ বজাতঃ উচ্চতম ন্যায়ালয়ত 'কা'ৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহ পৃথক পৃথক কেটেগৰীত ভাগ কৰা হৈছে। অসম, উত্তৰ পূৰ্বাঞ্চল বিষয়ত পৃথকে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। আনহাতে 'কা'ৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা উত্তৰ প্ৰদেশৰ বিষয়তো পৃথকে হ'ব শুনানি।

১১.২৭ বজাতঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদনৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালহে। ৪ সপ্তাহৰ ভিতৰত আবেদনসমূহৰ উত্তৰ ন্যায়ালয়ত দাখিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে। আনহাতে অসম-ত্ৰিপুৰা সম্বন্ধিত আবেদনৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক ২ সপ্তাহৰ সময় দিছে ন্যায়ালয়ে।

১১.২৫ বজাতঃ শুনানি কালত মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে কয়, 'আমি বৰ্তমান কোনো নিৰ্দেশ জাৰি কৰিব নোৱাৰো। কিয়নো এতিয়াও বহু আবেদন শুনিবলৈ বাকী আছে। এনে পৰিস্থিতিত সকলো আবেদন শুনাটো অতি প্ৰয়োজনীয়।' ইফালে 'কা'ৰ বিৰুদ্ধে নতুনকৈ যাতে কোনো আবেদন দাখিল নহয়, তাৰ বাবে উচ্চতম ন্যায়ালয়ক নিৰ্দেশ জাৰি কৰিবলৈ আহ্বান জনায় এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে।

১১.১৯ বজাতঃ মু্খ্য ন্যায়াধীশ বোবডেয়ে কয় যে উচ্চতম ন্যায়ালয়ে বৰ্তমান কেন্দ্ৰীয় চৰকাৰক অস্থায়ী নাগৰিকত্ব প্ৰদান কৰিবলৈহে ক'ব পাৰে কিন্তু একপক্ষীয়ভাৱে এই আইনৰ ওপৰত কোনো বাধা আৰোপ কৰিব নোৱাৰে।

১১. ১৭ বজাতঃ 'কা'ৰ শুনানি সাংবিধানিক বিচাৰপীঠত গ্ৰহণ কৰাৰ বাবে জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে সাংবিধানিক বিচাৰপীঠে বৰ্তমান সবৰিমালা আৰু মহিলাৰ সমাধিকাৰক লৈ শুনানি গ্ৰহণ কৰি আছে।

১১.১৪ বজাতঃ এটৰ্ণী জেনেৰেলে আদালতত কয় যে 'কা'ক লৈ শীঘ্ৰে নিৰ্দেশ জাৰি কৰিবলগা বিশেষ একো নাই। এটৰ্ণী জেনেৰেলৰ এই মন্তব্যত আপত্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কয়, 'কা'ৰ জৰিয়তে বাংলাদেশৰ পৰা অহা শৰণাৰ্থীৰ আধা মুছলমান আৰু আধা হিন্দু। অসমত ৪০ লাখ বাংলাদেশী আছে। এই আইনৰ জৰিয়তে যদি আধা লোকেও নাগৰিকত্ব পায়, তেন্তে সম্পূৰ্ণ জন গাঁথনিয়েই সলনি হৈ যাব।

১১.১০ বজাতঃ এটৰ্ণী জেনেৰেল কে কে বেণুগোপালৰ হৈ অধিবক্তা অভিষেক মনু সিংঘবীয়ে কয় যে উত্তৰ প্ৰদেশত ইতিমধ্যে ৪০ হাজাৰ শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেনে পৰিপ্ৰেক্ষিত এই আইন বাতিল কৰা সম্ভৱ নহয়। আনহাতে আদালতত অধিবক্তা বিকাশ সিং আৰু ইন্দিৰা জয়সিঙে কয় যে অসমৰ পৰা ১০ খনৰো অধিক আবেদন দাখিল কৰা হৈছে 'কা'ৰ বিৰুদ্ধে। অসমৰ 'কা'ৰ বিষয়টো সম্পূৰ্ণ পৃথক। গতিকে অসম আৰু ভাৰতৰ বাকী ৰাজ্যৰ বাবে 'কা'ক লৈ নিৰ্দেশ পৃথক পৃথকে জাৰি কৰা উচিত।

১১.০৭ বজাতঃ এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে ন্যায়ালয়ত কয় যে 'কা'ৰ বিৰুদ্ধে দাখিল কৰা ১৪৪ খন আবেদনৰ তেওঁ মাত্ৰ ৬০ খন আবেদনৰহে প্ৰতিলিপি লাভ কৰিছে।

১১.০৫ বজাতঃ কপিল চিবালে কয় যে প্ৰথমে এই গোচৰ সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰা হ'ব নে নহয় সেয়া নিশ্চিত কৰা উচিত। তেওঁ কয়, 'আমি এই আইনৰ ওপৰত স্থগিতাদেশ জাৰি কৰিবলৈ কোৱা নাই। কিন্তু যদি ন্যায়ালয়ে এই আইনৰ ওপৰত স্থগিতাদেশ জাৰি কৰিব নোৱাৰে, তেন্তে 'কা'ৰ প্ৰক্ৰিয়া ৩ মাহৰ বাবে স্থগিত কৰা ৰখা হওক।'

১১.০০ বজাতঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ তৰফৰ পৰা অধিবক্তা কপিল চিবালে নাগৰিকত্ব সংশোধনী আইনক লৈ দাখিল কৰা আবেদন উচ্চতম ন্যায়ালয়ৰ সংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ দাবী জনায়।

১০.৫৫ বজাতঃ 'কা'ক উচ্চতম ন্যায়ালয়ত অব্যাহত থকা গুৰুত্বপূৰ্ণ শুনানিৰ সমান্তৰালভাৱে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। ছাত্ৰ সমাজে বুধবাৰে 'কা'ৰ বিৰুদ্ধে গ্ৰহণ কৰে গণ অনশন কাৰ্যসূচী।

১০.৫০ বজাতঃ উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আৰম্ভ হৈছে 'কা' লৈ শুনানি। কোৰ্ট ৰুমত যথেষ্ট সংখ্যক ভিৰ হৈছে। যাৰ বাবে আপত্তি দৰ্শায় মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে। মুখ্য ন্যায়াধীশে কয় যে এনে ভিৰৰ বাবে অধিবক্তাসকলক ভালকৈ শুনিব পৰা হোৱা নাই। মুখ্য ন্যায়াধীশে অধিবক্তা সকলক এজন এজনকৈ নিজৰ মত ৰাখিবলৈ কয়।

১০.৫০ বজাতঃ উচ্চতম ন্যায়ালয়ত 'কা'ৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহৰ বিৰোধিতা কৰিব কেন্দ্ৰীয় চৰকাৰে। এই কথা জনাইছে চৰকাৰৰ এক সূত্ৰই। চৰকাৰে দাবী কৰা অনুসৰি এই আইনে কোনো ভাৰতীয় নাগৰিকৰ নাগৰিকত্ব আৰু নাগৰিকৰ মৌলিক অধিকাৰত আঘাত নাহানে।

১০.৩২ বজাতঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মুছলিম লীগ, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, আৰজেডি নেতা মনোজ ঝা, টিএমচি সাংসদ মহুৱা মৈত্ৰা, এআইএমআইএম নেতা আছাদুদ্দিন ওৱেছী, জমাত উলমা এ হিন্দ, সদৌ অসম মুছলিম ইউনিয়নকে ধৰি মুঠ ১৪০ খন আবেদন দাখিল কৰা হৈছে উচ্চতম ন্যায়ালয়ত।

১০.৩০ বজাতঃ নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি। এই আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা ১৪০ খন আবেদনৰ ওপৰত ন্যায়ালয়ৰ ৩ ন্যায়াধীশৰ বিচাৰপীঠে গ্ৰহণ কৰিছে শুনানি।