ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ বাবে সময়সীমা আঁতৰাই সাংবিধানিক গাঁথনি সুৰক্ষিত কৰাৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গভাই নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে সংবিধানৰ ১৪৩ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্রেৰণ কৰা ১৩টা প্ৰশ্নৰ উত্তৰত কালি এইদৰে পৰামৰ্শ আগবঢ়ায়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 9.00.25 AM

ডিজিটেল  ডেস্কঃ  সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত ৰাষ্ট্রপতি আৰু ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে ন্যায়ালয়ে কোনো সময়সীমা নির্ধাৰণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে প্রকাশ কৰিছে। এই ৰায়দানক দেশৰ সাংবিধানিক গাঁথনি আৰু কেন্দ্ৰ-ৰাজ্যৰ মাজৰ ভাৰসাম্য সুৰক্ষিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গভাই নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে সংবিধানৰ ১৪৩ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্রেৰণ কৰা ১৩টা প্ৰশ্নৰ উত্তৰত কালি এইদৰে পৰামৰ্শ আগবঢ়ায়।

শ্রীমতী মুর্মুৱে ৰাজ্যপাল আৰু ৰাষ্ট্রপতিয়ে বিধানসভাত গৃহীত বিধেয়কসমূহত অনুমোদন জনোৱাৰ বাবে সময়সীমা বান্ধি দিব পৰা যায় নেকি বুলি প্রশ্ন উত্থাপন কৰিছিল। আদালতে স্পষ্ট কৰে যে, ভাৰতীয় সংবিধানৰ ২০০ নং অনুচ্ছেদত বিধেয়কত সন্মতি দিয়াৰ বাবে ৰাজ্যপালৰ ওপৰত কোনো ধৰণৰ সময়সীমা আৰোপ কৰা হোৱা নাই।

উল্লেখ্য যে, আদালতে মত পোষণ কৰে যে যিকোনো ধৰণৰ কঠোৰ সময়সীমা নিৰ্ধাৰণ কৰিলে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ সাংবিধানিক ক্ষমতা সীমিত হ'ব পাৰে, যাৰ ফলত ভাৰতৰ সংসদীয় পদ্ধতিৰ মৌলিক গাঁথনি ক্ষতিগ্ৰস্ত হ'ব পাৰে।

উচ্চতম ন্যায়ালয়