/asomiyapratidin/media/media_files/2025/12/26/1-2025-12-26-13-36-58.jpg)
ডিজিটেল ডেস্কঃ বিগত উপ-নিৰ্বাচনৰ সময়ত চামগুৰিৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই। যুৱপ্ৰজন্ম এখন দেশ তথা সমাজৰ মূল সম্পদ। যুৱ প্ৰজন্মক সংগঠিত কৰাৰ লগতে প্ৰতিগৰাকী যুৱক-যুৱতীয়েই উচ্চ শিক্ষাৰে শিক্ষিত হৈ আধুনিক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ সহায়ক হোৱাকৈ চামগুৰিত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই শুভাৰম্ভ কৰিলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ।
/asomiyapratidin/media/post_attachments/d63e88eb-097.png)
প্ৰণিধানযোগ্য যে, বিগত উপ-নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে চামগুৰিৰ বিধায়ক হৈ জয়ী হ'লে চামগুৰি সমষ্টিত যুৱ প্ৰজন্মৰ সকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল দিপ্লুৰঞ্জন শৰ্মাই। অৱশেষত সমষ্টিবাসী ৰাইজক কথা দি কথা ৰাখিলে বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই। চামগুৰিৰ বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, বৌদ্ধিক তথা মানসিক উৎকর্ষ সাধনৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্রটিয়ে বহুলভাবে সহায়ৰ হাত আগবঢ়াব বুলি আশাবাদী বিধায়ক দিপ্লুৰঞ্জন শৰ্মা।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্রৰ শুভাৰম্ভণি অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া বিভাষ মোদী, টাইম ইনষ্টিটিউটৰ পৰিচালক সৌমেন দাসৰ লগতে চামগুৰি অঞ্চলৰ গণ্য-মান্য লোকসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/f1e219ae-2d3.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us