/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mera.jpg)
ডিজিটেল ডেস্ক: খাজা আহমেদ আব্বাছৰ জনপ্ৰিয় হিন্দী উপন্যাস "মেৰা নাম জোকাৰ" বাৰ্মিজ ভাষালৈ অনুবাদ কৰা লেখক মাউং পাও টুনৰ মৃত্যু হয়। কৰ্কট ৰোগত আক্ৰান্ত এই বঁটা বিজয়ী লেখক তথা অনুবাদক গৰাকীয়ে ১৩ আগষ্টৰ পুৱা ৯:৪৫ বজাত ম্যানমাৰৰ য়াংগন চহৰত (বাৰ্মা আৰু ব্ৰহ্মদেশ নামেৰেও জনাজাত) তেওঁৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
১৯৩৫ চনৰ ১৪ মে তাৰিখে ব্ৰিটিছ বাৰ্মাৰ ৰাখাইন ৰাজ্যৰ মানাউং টাউনশ্বিপৰ অন্তৰ্গত শ্বেমেতৱা গাঁৱত জন্ম গ্ৰহণ কৰিছিল মাউং পাও টুনৰ। তেওঁৰ পিতৃ মাউং পু আৰু মাতৃ আয়ে থা । তেওঁ পেন, চেৰী আৰু চি-বৱা-য়াই নামৰ আলোচনীসমূহৰ সম্পাদক হিচাপেও কাম কৰিছিল।
তেওঁ ১৯৫৮ চনত ৰাছিয়ান কাহিনী ছেভেন-ইয়েৰ-অল্ড গাৰ্লৰ অনুবাদৰ জৰিয়তে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। মাউং পাও টুনে কমেও ৩০ খন উপন্যাস বাৰ্মিজ ভাষালৈ অনুবাদ কৰিছিল। তেওঁৰ প্ৰথম উপন্যাস আছিল ৰিভল্ট অন দ্য নাইল (১৯৭৪ চনত প্ৰকাশিত)। তেওঁ অনুবাদ ৰচনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । সেই সমূহ হ'ল- কান-তা-য়া ছান-য়াই-আইং (১৯৯৭) আৰু কাম-কি-মা আহ-কিন-থা (২০০৬)। ২০১৪ চনত জীৱনজোৰা কৃতিত্বৰ বাবে তেওঁক ম্যানমাৰৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল।
উল্লেখ্য যে "কাম-কি-মা আহ-কিন-থা" হৈছে হিন্দী উপন্যাস "মেৰা নাম জোকাৰ"ৰ বাৰ্মিজ অনুবাদ। যাৰ ওপৰত আধাৰিত কৰি ১৯৭০ চনৰ ব্লকবাষ্টাৰ হিন্দী চলচ্চিত্ৰ (একে শিৰোনামৰ সৈতে) নিৰ্মাণ কৰা হৈছিল।